যোৰহাট,18 জানুৱাৰীঃ গভীৰ সংকটৰ গৰাহত অসমৰ ভাষা-সংস্কৃতি ৷ বাৰ্ষিক বন্ধৰ তালিকাত নাই বাপতি সাহোন বিহুৰ বন্ধ ৷ ইয়াৰ বিপৰীতে বন্ধৰ তালিকাত অন্তৰ্ভুক্ত হ’ল বঙালী নৱবৰ্ষ ৷ অসমীয় জাতিৰ সন্ধিক্ষণৰ সময়তেই এই ঘটনাই ক্ষোভিত কৰিছে সকলোকে ৷ উল্লেখ্য যে যোৰহাটৰ New Alo Chhayaনামৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানে উলিওৱা নৱবৰ্ষৰ কেলেণ্ডাৰৰ বন্ধৰ তালিকাত স্থান নাপালে ৰঙালী আৰু হেঁপাহৰ ভোগালী বিহুৱে ৷
অসমতে ভগনীয়া হ’ল অসমীয়া সংস্কৃতি - অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতি
অসমতে বন্ধৰ তালিকাত স্থান নাপালে অসমীয়াৰ জাতীয় আৱেগ বিহুৱে ৷ যোৰহাটৰ New Alo Chhaya নামৰ এখন ব্যৱসায়ী প্ৰতিষ্ঠানে উলিওৱা নৱবৰ্ষৰ কেলেণ্ডাৰৰ বন্ধৰ তালিকাত স্থান নাপালে ৰঙালী আৰু হেঁপাহৰ ভোগালী বিহুৱে ৷
অসমতে ভগনীয়া হ’ল অসমীয়া সংস্কৃতি
আনহাতে এই ঘটনা সন্দৰ্ভত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিৰ এটা সঁজাতি দলে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ ইয়াৰোপৰি যোৰহাট জিলা প্ৰশাসনক ইয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ৷ উল্লেখ্য যে এই ভুল জানি বুজি কৰা ভুল নে প্ৰিন্টিঙত কৰা ভুল সেই বিষয়ে এতিয়াই স্পষ্ট হোৱা নাই ৷
আৰু পঢ়কঃনাগালেণ্ড,অৰুণাচল,মণিপুৰ,মিজোৰামৰ দৰে ত্ৰিপুৰাক CAA ৰ পৰা দূৰত ৰাখকঃ জগদীশ দেৱবৰ্মা