অসম

assam

ETV Bharat / state

মৰিয়নি প্ৰেছ ক্লাৱৰ 24 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন - প্ৰতিষ্ঠা দিৱস

প্ৰেছ ক্লাৱৰ সভাকক্ষত সভাপতি জীৱন চন্দ্ৰ দত্তৰ সভাপতিত্বত চমু মত বিনিময় সভা অনুষ্ঠিত হোৱাৰ লগতে মৰিয়নি প্ৰেছ ক্লাৱৰ আগন্তুক ৰূপালী জয়ন্তী সন্দৰ্ভতো আলোচনা কৰা হয় । সভাত প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠাপক সভাপতি ৰঞ্জিত গোহাঁই বৰুৱা, মৰিয়নি ইলেক্ট্ৰ'নিক মিডিয়া সন্থাৰ সভাপতি চক্ৰসেন গগৈৰ লগতে বহুকেইগৰাকী সাংবাদিকে অংশগ্ৰহণ কৰে ৷

Celebrating the 24th founding day of the Mariani Press Club
মৰিয়নি প্ৰেছ ক্লাৱৰ 24 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

By

Published : Sep 15, 2020, 1:51 PM IST

মৰিয়নি,15ছেপ্তেম্বৰঃকৰ'ণা আতংকৰ মাজতে মঙলবাৰে অনুষ্টুপীয়াকৈ উদযাপন কৰা হয় মৰিয়নি প্ৰেছ ক্লাৱৰ 24 সংখ্যক প্ৰতিষ্ঠা দিৱস ৷ পতাকা উত্তোলনেৰে কাৰ্যসূচী আৰম্ভ কৰে মৰিয়নি প্ৰেছ ক্লাৱৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন সম্পাদক মনোজ কুমাৰ শৰ্মাই । ইয়াৰ পিছতে প্ৰয়াত সাংবাদিকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কৃতী শিক্ষক, সমাজকৰ্মী নগেন গগৈয়ে । প্ৰেছ ক্লাৱৰ সভাকক্ষত সভাপতি জীৱন চন্দ্ৰ দত্তৰ সভাপতিত্বত চমু মত বিনিময় সভা অনুষ্ঠিত হোৱাৰ লগতে মৰিয়নি প্ৰেছ ক্লাৱৰ আগন্তুক ৰূপালী জয়ন্তী সন্দৰ্ভতো আলোচনা কৰা হয় । সভাত প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠাপক সভাপতি ৰঞ্জিত গোহাঁই বৰুৱা, মৰিয়নি ইলেক্ট্ৰ'নিক মিডিয়া সন্থাৰ সভাপতি চক্ৰসেন গগৈৰ লগতে বহুকেইগৰাকী সাংবাদিকে অংশগ্ৰহণ কৰে ৷

মৰিয়নি প্ৰেছ ক্লাৱৰ 24 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

আনহাতে,উক্ত সভাতে ২০২০ বৰ্ষৰ ৰাজ্যিক কৃতী শিক্ষকৰ বঁ‌টাপ্ৰাপক, সমাজকৰ্মী নগেন গগৈক মৰিয়নি প্ৰেছ ক্লাৱ আৰু মৰিয়নি ইলেক্ট্ৰ'নিক মিডিয়া সন্থাই গামোচা, চেলেং চাদৰেৰে সম্বৰ্ধনা জনায় ৷ সম্বৰ্ধনা গ্ৰহণ কৰি কৃতী শিক্ষক নগেন গগৈয়ে সংবাদ মাধ্যমৰ বাবেই তেওঁ এই স্বীকৃতি লাভ কৰিবলৈ সক্ষম হয় বুলি উল্লেখ কৰে । তদুপৰি সংবাদ মাধ্যম যিমানেই সমালোচনাৰ সন্মুখীন নহওক কিয় ইয়াক কোনেও এৰাই চলিব নোৱাৰে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে বিশিষ্ট শিক্ষকজনে ।

লগতে পঢ়কঃচলিত বছৰত LoC ত পাকিস্তানৰ 3186 যুদ্ধবিৰতি উলংঘা

ABOUT THE AUTHOR

...view details