অসম

assam

By

Published : May 6, 2020, 3:26 PM IST

ETV Bharat / state

লক্​ ডাউনৰ মাজতে মৰিয়নীত নলাৰ পৰা ওলাল শ শ টকা

কৰ'ণা ভাইৰাছৰ আতংকৰ সময়ত বেছি সংখ্যক লোকে নোটবোৰ উঠাবলৈ সাহস কৰা নাছিল যদিও কিছু সংখ্যাক লোকে নলাৰ পৰা নোটবোৰ উঠাই লয় ৷ নলাৰ পৰা উঠোৱা কিছুমান নোট সৰু ল'ৰা-ছোৱালীয়ে খেলিবলৈ ব্যৱহাৰ কৰা নোট বুলি জানিবলৈ দিয়ে স্থানীয় লোকে  ৷

মৰিয়নীত নলাৰ পৰা ওলাল শ শ টকা
মৰিয়নীত নলাৰ পৰা ওলাল শ শ টকা

মৰিয়নী, 6 মেঃ লক্​ ডাউনৰ মাজতে বুধবাৰে মৰিয়নী ৰে'লষ্টেচনৰ সমীপৰ কেইবাটাও উপপথৰ দাঁতিৰ নলাত ১০০ ৰ পৰা ২০০০ টকীয়া নোট উপঙি থকা পৰিলক্ষিত হয় ৷ নগৰখনৰ ৩ নম্বৰ ৱাৰ্ডৰ কাৰ্তিক চৰকাৰ পথৰ দাঁতিত পুৱা কেইজনমান লোকে কেবাখনো ১০০, ৫০০ আৰু ২০০০ টকীয়া নোট পৰি থকা প্ৰত্যক্ষ কৰে । তাৰ পাছতে অঞ্চলটোত কাৰোবাৰ পদূলিমুখত ১০০ টকীয়া নোট, কাৰোবাৰ ঘৰৰ বেৰত ২০০০ টকাৰ নোট গুজি থোৱা দেখিবলৈ পায় ।

কৰ'ণা ভাইৰাছৰ আতংকৰ সময়ত বেছি সংখ্যক লোকে নোটবোৰ উঠাবলৈ সাহস কৰা নাছিল যদিও কিছু সংখ্যাক লোকে নলাৰ পৰা নোটবোৰ উঠাই লয় ৷ নলাৰ পৰা উঠোৱা কিছুমান নোট সৰু ল'ৰা-ছোৱালীয়ে খেলিবলৈ ব্যৱহাৰ কৰা নোট বুলি জানিবলৈ দিয়ে স্থানীয় লোকে ৷

মৰিয়নীত নলাৰ পৰা ওলাল শ শ টকা

কিন্তু ইয়াৰ মাজতো প্ৰায় 30/ 40 হাজাৰ মান আচল নোট আছিল বুলি অৱগত কৰে একাংশ লোকে । সেয়ে ৰাইজে ততাতৈয়াকৈ মৰিয়নী আৰক্ষীক অৱগত কৰে যদিও ঘটনাস্থলীত উপস্থিত নহয় আৰক্ষী ৷ এই ঘটনাৰ পাছত কৰ'ণা ভাইৰাছ বিয়পোৱা এয়া এক ষড়যন্ত্ৰ বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে ৷

ABOUT THE AUTHOR

...view details