অসম

assam

ETV Bharat / state

Satra Mukti Sangram Samiti: ভুৱা নথিৰে বহিঃৰাজ্যৰ প্ৰাৰ্থীয়ে কাঢ়ি নিছে অসমৰ নিৱনুৱাৰ চাকৰি; সৰৱ ছাত্ৰ মুক্তি - ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি

SSC ৰ বাচনি পৰীক্ষাত বহিঃৰাজ্যৰ বিভিন্ন প্ৰাৰ্থীয়ে অসমৰ ভুৱা বাসিন্দাৰ প্ৰমাণ পত্ৰৰ যোগেদি অসমৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত আসনত অসমৰ প্ৰাৰ্থীক বঞ্চিত কৰাৰ অভিযোগ উথাপিত হৈছে ৷ শুকুৰবাৰে এক প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি কাশ্যপ নন্দন কলিতাই এই অভিযোগ কৰে ৷

Illegally sit in SSC EXAM in Assam
অসমৰ বাবে সংৰক্ষিত পদত বহিঃৰাজ্যৰ প্ৰাৰ্থীৰ আৱেদন

By

Published : Jul 14, 2023, 1:08 PM IST

ভুৱা নথিৰে বহিঃৰাজ্যৰ প্ৰাৰ্থীয়ে কাঢ়ি নিছে অসমৰ নিৱনুৱাৰ চাকৰি

যোৰহাট, 14 জুলাই :ভুৱা নথিৰে বহিঃৰাজ্যৰ প্ৰাৰ্থীয়ে কাঢ়ি নিছে অসমৰ নিৱনুৱাৰ চাকৰি ৷ সৰৱ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ দাবী বঞ্চিত প্ৰাৰ্থীৰ ৷

ভাৰত চৰকাৰৰ অধীনৰ SSC ( Staff Selection Commission) ৰ বাচনি পৰীক্ষাত বহিঃৰাজ্যৰ বিভিন্ন প্ৰাৰ্থীয়ে অসমৰ ভুৱা বাসিন্দাৰ প্ৰমাণ পত্ৰৰ যোগেদি অসমৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত আসনত অসমৰ প্ৰাৰ্থীক বঞ্চিত কৰাৰ অভিযোগ উথাপিত হৈছে ৷ শুকুৰবাৰে এক প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি কাশ্যপ নন্দন কলিতাই এই অভিযোগ কৰে ৷

অসমৰ বাবে প্ৰয়োজনীয় স্বায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ ভুৱাকৈ দেখুওৱা বিহাৰ, উত্তৰ প্ৰদেশৰ বিভিন্ন প্ৰাৰ্থীক পৰীক্ষা কেন্দ্ৰত অসমৰ প্ৰাৰ্থীয়ে ধৰা পেলাইছে ৷ ছাত্ৰ সংগঠনটোৰ লগতে বঞ্চিত প্ৰাৰ্থীসকলে এই সন্দৰ্ভত অসম চৰকাৰৰ হস্তক্ষেপ বিচাৰিছে ৷ ইতিমধ্যে তেওঁলোকে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিছে যদিও কোনো সুফল লাভ কৰা নাই ৷ অসমৰ বৰ্ধিত নিৱনুৱাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে যাতে অতি শীঘ্ৰেই এই ক্ষেত্ৰত উচিত ব্যৱস্থা গ্ৰহণ কৰে তাৰ বাবে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দাবী জনায় ৷

শুকুৰবাৰে হোৱা প্ৰতিবাদী কাৰ্যসূচীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেইবাজনো বিষয়ববীয়াই অংশগ্ৰহণ কৰে ৷ তাপৰ্যপূৰ্ণ যে এই সকল বহিঃৰাজ্যৰ প্ৰাৰ্থীক অসম চৰকাৰৰ একাংশ বিষয়া-কৰ্মচাৰীয়ে বৃহৎ অংকৰ ধনৰ বিনিময়ত প্ৰয়োজনীয় নথি-পত্ৰ যোগান ধৰাও এক গুৰুতৰ অভিযোগ উথাপিন হৈছে ৷

উল্লেখযোগ্য যে, ভুৱা নথিৰে বহিঃৰাজ্যৰ প্ৰাৰ্থীয়ে অসমত বাচনি পৰীক্ষা দিয়াটো কোনো নতুন কথা নহয় ৷ এনে অভিযোগ ৰাজ্যত বিভিন্ন সময়ত উত্থাপন হৈ আহিছে ৷ কিন্তু চৰকাৰৰ সোপা ঢিলা নীতি তথা অমনোযোগিতাৰ বাবে সময়ে সময়ে বহিঃৰাজ্যৰ প্ৰাৰ্থীয়ে বিভিন্ন বাচনি পৰীক্ষাত বহি থলুৱা প্ৰাৰ্থীক বঞ্চিত কৰি আহিছে ৷

লগতে পঢ়ক :Protests against deadly drugs:মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে মাকুমৰ ৰাজপথত জনতাৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details