নিউজ ডেক্স, 07 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক সংসদত উত্থাপন হ'বলৈ মাজত মাত্ৰ এটা দিন বাকী ৷ অসমীয়া ৰাইজৰ চৰম অসন্তুষ্টি আৰু প্ৰতিবাদক গুৰুত্ব নিদি বিধেয়ক খন আইনত পৰিণত কৰিবলৈ সাজু কেন্দ্ৰীয় চৰকাৰ ৷ মাত্ৰ এটা দিনৰ পাছতেই বিধেয়ক খনে অনুমোদন পাব লোকসভাত ৷ তাৰ পাছতেই 10 ডিচেম্বৰত ৰাজ্যসভাত সংখ্যাগৰিষ্ঠতা লাভ কৰি আইনত পৰিণত হ'ব নাগৰিকত্ব সংশোধনী বিধেয়ক ৷ ৰাজ্যসভাত এই বিধেয়কক সমৰ্থন জনাব বিদেশীৰ বিৰুদ্ধে এসময়ত আন্দোলন কৰা দল অসম গণ পৰিষদে ৷ যাৰ বাবে এতিয়া ৰাইজৰ ৰোষত পৰাৰ ভয়ত নিজ সমষ্টিতে পলাই ফুৰিব লগা হৈছে অগপৰ মন্ত্ৰী বিধায়ক ৷ বঙাইগাঁৱত ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিবলৈ গৈ পলায়ন কৰিব লগা হ'ল মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে ৷
কেবৰ বিৰুদ্ধে ৰাজপথত অসমীয়া ৷ ক্ষোভিত অসমীয়াই চিঞৰি চিঞৰি কৈছে কেব আমি নামানো , অসমে আৰু বাংলাদেশীৰ বোজা গ্ৰহণ কৰিব নোৱাৰে ৷ আনহাতে মুখ্যমন্ত্ৰী তথা জাতীয় নায়ক সৰ্বানন্দ সোণোৱালৰ অসম আৰক্ষীলৈ স্পষ্ট নিৰ্দেশনা কঠোৰ হাতেৰে বাধা দিব কেব বিৰোধী প্ৰতিবাদ ৷ প্ৰয়োজনত লাঠী চালনাৰ বাবেও অসম আৰক্ষীক সাজু হ'বলৈ দিয়া হৈছে নিৰ্দেশ ৷ এনে পৰিস্থিতিত এফালে কেবৰ বিৰুদ্ধে খিলঞ্জীয়া অসমীয়া , আনহাতে কেব বিৰোধী আন্দোলন দমন কৰিবলৈ সাজু প্ৰশাসন ৷
অসম চৰকাৰৰ শিক্ষা বিভাগে চৰকাৰী শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীয়ে কেব বিৰোধী আন্দোলনত অংশগ্ৰহণ কৰিব নোৱাৰিব বুলিও দিছিল নিৰ্দেশনা ৷ কিন্তু চৰকাৰী নিৰ্দেশনাক নামানি জাতীয় স্বাৰ্থত শনিবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰেণী কোঠা বৰ্জন কৰি কেবৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল শিক্ষাৰ্থী ৷ তাৰ পাছতেই এখনৰ পাছত আন খন শিক্ষানুষ্ঠানত এতিয়া প্ৰৱশ নিষিদ্ধ হৈছে বিজেপি আৰু অগপৰ নেতৃত্বৰ ৷ এয়া গোলাঘাটৰ কমল দুৱাৰা মহাবিদ্যালয়ৰ দৃশ্য ৷ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি মহাবিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰীয়ে চৰকাৰ বিৰোধী শ্ল'গানেৰে কঁপাই তোলে দেৰগাঁৱৰ আকাশ বতাহ ৷ একেদৰে শিৱসাগৰ মহাবিদ্যালয় , ধেমাজিৰ মৰিধল মহাবিদ্যালয় ,পূৱ কামৰূপ মহাবিদ্যালয় , নাৰেংগী মহাবিদ্যালয় আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ আনহাতে গোলাঘাটৰ বাণিজ্য মহাবিদ্যালয় আৰু হেমপ্ৰভা বৰবৰা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদত আৰক্ষীৰ সৈতে খণ্ড যুদ্ধত লিপ্ত হয় ছাত্ৰ ছাত্ৰী ৷