অসম

assam

ETV Bharat / state

ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ - যোৰহাট প্ৰতিবাদ

STATE WIDE PROTEST AGAINST CAA
ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ

By

Published : Jan 21, 2020, 2:29 PM IST

Updated : Jan 21, 2020, 7:36 PM IST

19:14 January 21

মৰিগাঁৱত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ অন্যতম নেত্ৰী মীৰা বৰঠাকুৰৰ মন্তব্য, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৰাবাৰ ষ্টাম্প, হিমন্ত বিশ্ব শৰ্মা নৰেন্দ্ৰ মোডীয়া চলাই থকা কোম্পানীটোৰ এৰিয়া মেনেজাৰ ।

মৰিগাঁৱত মীৰা বৰঠাকুৰৰ উদাত্ত ভাষণ

মৰিগাঁও, 21 জানুৱাৰীঃ মৰিগাঁৱৰ আমলিঘাটত "কা" বিৰোধী প্ৰতিবাদীসভাত অগ্নিবৰ্ষা ভাষণেৰে ৰাইজক নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে মাৰবান্ধি গণতান্ত্ৰিক আন্দোলন কৰিবলৈ আহ্বান বিৰোধীৰ নেত্ৰী মীৰা বৰঠাকুৰৰ । মৰিগাঁও জিলা ছাত্ৰ সন্থা আৰু সচেতন নাগৰিক মঞ্চৰ উদ্যোগত "কা" বিৰোধী প্ৰতিবাদী সভাত বিজেপিক কঠোৰ সমালোচনা কৰে মীৰা বৰঠাকুৰে ৷ প্ৰতিবাদী সভাত ছাত্ৰ সন্থাৰ বহুকেইজন নেতা আৰু স্থানীয় বহুকেইজন ব্যক্তিয়ে উদাত্ত কণ্ঠৰে ভাষণ আগবঢ়ায় ।

18:40 January 21

"ৰাইজে ৰজা পতা জাতীয় নায়ক এতিয়া হৈছে খলনায়ক ৷" লখিমপুৰ ৰ বিহপুৰীয়াত আছুৰ গণ বিক্ষোভ কাৰ্যসূচীত অংশলৈ অসম চৰকাৰক সমালোচনা বিপ্লবী শিল্পী মহেন্দ্ৰ হাজৰিকাৰ।

বিহপুৰীয়াত কা বিৰোধী প্ৰতিবাদস্থলীত শিল্পী মহেন্দ্ৰ হাজৰিকা

বিহপুৰীয়া, 21 জানুৱাৰীঃ বিহপুৰীয়াৰ আঞ্চলিক ছাত্র সন্থাৰ আহ্বানত অনুস্থিত হোৱা কা বিৰুধী প্ৰতিবাদী সভাত উপস্থিত থাকি শিল্পী মহেন্দ্ৰ হাজৰিকাৰ মন্তব্য, কোনো কাৰণত অসমৰ ৰাইজে মানি নলয় কেন্দ্ৰৰ জন বিৰুধী সিদ্ধান্ত। হাজাৰ হাজাৰ লোকৰ উপস্থিতিত শিল্পী মহেন্দ্ৰ হাজৰিকাই গাই গ'ল ইটোৰ পিছত বিপ্লৱী গীত । মহেন্দ্ৰ হাজৰিকাই চৰকাৰক সমালোচনা কৰি শিল্পীক GST ৰে বান্ধিবলৈ লোৱা কাৰ্যক ঘোৰ বিৰোধিতা কৰে বুলি মন্তব্য কৰে ।

16:39 January 21

নাগৰিকত্ব সংশোধনী আইন বাতিলত দাবীত বিভিন্ন শ্লগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে অসমীয়া জাতিৰ সুৰক্ষাৰ স্বাৰ্থত আন্তঃৰাজ্যিক পাৰ পত্ৰৰ ব্যৱস্থা কৰাবলৈ চৰকাৰক দাবী জনাই ।

মৰিগাঁৱত যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

মৰিগাঁও, 21 জানুৱাৰীঃ মৰিগাঁৱত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিলিপি দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মৰিগাঁও সদৰ সমিতিৰ প্ৰতিবাদী সদস্যই "কা" প্ৰতিলিপি দাহৰ জৰিয়তে এই আইনৰ বাতিলৰ দাবী তোলে ।   নাগৰিকত্ব সংশোধনী আইন বাতিলত দাবীত বিভিন্ন শ্লগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে অসমীয়া জাতিৰ সুৰক্ষাৰ স্বাৰ্থত আন্তঃৰাজ্যিক পাৰ পত্ৰৰ ব্যৱস্থা কৰাবলৈ চৰকাৰক দাবী জনাই ।

15:15 January 21

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে কংগ্ৰেছৰ জণসমাৱেশ ৷ উপস্থিত ৰিপোন বৰা। প্ৰতিবাদস্হলীৰ পৰা কংগ্ৰেছৰ হুংকাৰ "কা" বাতিল নোহোৱা পৰ্যন্ত চলিব আন্দোলন ৷

যোৰহাটত CAA ৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

যোৰহাট, 21 জানুৱাৰীঃ "সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা হ'ল সৰ্ব জ্ঞানী, বাকী অসমৰ ৰাইজ মূৰ্খ । ৰাজপথৰ পৰা পৰিবৰ্তন কথাৰে ৰাজগাদী দখল কৰিবলৈ সক্ষম হোৱা সৰ্বানন্দই পাহৰিলে নিজৰ অতীত।" আজি যোৰহাটৰ ষ্টেডিয়াম প্ৰাংগণত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ প্ৰতিবাদ জণসমাৱেশত এইদৰে কয় যোৰহাটৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীয়ে।

জন সভাত উপস্থিত ৰিপোন বৰাই কয় যে, "কোনো কাৰণতে অসমত "কা" কংগ্ৰেছে মানি নলয় । কাষৰীয়া পাহাৰীয়া ৰাজ্য ই যদি এই আইন বিৰোধিতা কৰিছে তেনেস্থলত অসমৰ মুখ্যমন্ত্ৰী জনে কিহৰ কাৰণে এই জাতি ধ্বংসী আইন মিনি লৈ ৰাজ্যত অশান্তি বিষ বিয়পাইছে।"

এই সভাত পোন প্ৰথমে ৰাজহুৱা সভা কৰি বিজেপি চৰকাৰক ক্ষুৰধান সমালোচনা কৰি শেষত চহৰখনৰ মাজৰে এক প্ৰতিবাদী সমদল কৰি কাৰ্যসূচী সামৰণি মাৰে।

14:31 January 21

ফিল'বাৰীত "কা" বাতিলৰ দাবীত অনশন কাৰ্যসূচী

ফিল'বাৰীত "কা" বাতিলৰ দাবীত অনশন কাৰ্যসূচী

ডুমডুমা, 21 জানুৱাৰীঃ নাগৰিকত্ব (সংশোধনী) আইন বাতিলৰ দাবীত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ ফিল'বাৰী আঞ্চলিক সমিতিৰ উদ্যোগত ফিল'বাৰীত অনশন কাৰ্যসূচী ৰূপায়ন কৰা হয় । ফিল'বাৰী আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা অনশন কাৰ্যসূচীত অঞ্চলটোৰ বহুকেইটা ছাত্ৰ সংগঠনৰ বিষয়ববীয়াৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে ।


 

13:58 January 21

সংগঠনটো অৰ্ধশতাধিক কৰ্মীয়ে প্ৰতিবাদস্থলীত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে।

যোৰহাট, 21 জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে যোৰহাটত মুণ্ডন কাৰ্যসূচী ৰূপায়ন জাতীয় সংগঠনৰ । সন্মীলিত লাচিত সেনাৰ তিনি সদস্যই যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত মুণ্ডন কাৰ্যসূচীৰে ৰূপায়ন কৰে এই প্ৰতিবাদ । সংগঠনটো অৰ্ধশতাধিক কৰ্মীয়ে প্ৰতিবাদস্থলীত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে।

Last Updated : Jan 21, 2020, 7:36 PM IST

ABOUT THE AUTHOR

...view details