টীয়ক, 30 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন বিৰোধিতাৰে তিনিচুকীয়াৰ পৰা দিছপুৰলৈ পদযাত্ৰা এদল প্ৰতিবাদকাৰীৰ ৷ আইনখন বাতিলৰ দাবীত তিনিচুকীয়াৰ ডিৰাক সীমান্তৱৰ্তী অঞ্চলৰ পৰা বিগত ২০ তাৰিখৰ পৰা ৩০ জনীয়া এক প্ৰতিবাদী দলে দিছপুৰলৈ পদযাত্ৰা আৰম্ভ কৰে ৷
তিনিচুকীয়াৰ পৰা দিছপুৰলৈ পদযাত্ৰা প্ৰতিবাদকাৰীৰ - নাগৰিকত্ব সংশোধনী আইন
আগন্তুক ২০ জানুৱাৰীত দিছপুৰত মুখ্যমন্ত্ৰীক লগ ধৰি স্মাৰকপত্ৰ প্ৰদান কৰাৰ লগতে ৰাজ্যৰ সামগ্ৰিক পৰিস্থিতি সন্দৰ্ভত মুখামুখিকৈ প্ৰশ্ন উত্থাপন কৰাৰ উদ্দেশ্যেৰে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি মন্তব্য কৰে প্ৰতিবাদকাৰীসকলে ৷
সোমবাৰে এই পদযাত্ৰাকাৰী দলটো উপস্থিত হয় টীয়কত । "পদব্ৰজে দিছপুৰ যাঁও ব'লক" শীৰ্ষক বেনাৰ হাতত লৈ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবী পদযাত্ৰা আৰম্ভ কৰে ৷ লগতে আগন্তুক ২০ জানুৱাৰীত দিছপুৰত মুখ্যমন্ত্ৰীক লগ ধৰি স্মাৰকপত্ৰ প্ৰদান কৰাৰ লগতে ৰাজ্যৰ সামগ্ৰিক পৰিস্থিতি সন্দৰ্ভত মুখামুখিকৈ প্ৰশ্ন উত্থাপন কৰাৰ উদ্দেশ্যেৰে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি মন্তব্য কৰে প্ৰতিবাদকাৰীসকলে ৷
উল্লেখ্য যে, প্ৰতিবাদকাৰী দলটোক ঠায়ে ঠায়ে বিভিন্ন দল সংগঠনে সহযোগিতা কৰে বুলিও মন্তব্য কৰে দলটোৱে ৷ সোমবাৰে টীয়কত দলটো উপস্থিত হোৱা পাচতে লাচিত সেনাৰ কেইবাজনো কেন্দ্ৰীয় বিষয়ববীয়াই পদযাত্ৰা কৰি দলটোক সহযোগিতা আগবঢ়োৱা বুলিও প্ৰকাশ কৰে দলটোৱে ।