অসম

assam

ETV Bharat / state

অখিল গগৈৰ মুক্তিৰ দাবীত উত্তাল টীয়ক - টীয়ক মহকুমা সমিতি

কৃষক নেতা অখিল গগৈকে ধৰি সকলো সংগ্ৰামী নেতাক বিনা চৰ্তে মুক্তি দিয়াৰ দাবীত বুধবাৰে উত্তাল হৈ পৰে টীয়ক ৷ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ টীয়ক মহকুমা সমিতিৰ লগতে অসম প্ৰেমী যুৱ ছাত্ৰ সমাজে ৷

CAA protest at Teok
অখিল গগৈৰ মুক্তিৰ দাবীত উত্তাল টিয়ক

By

Published : Dec 25, 2019, 6:02 PM IST

Updated : Dec 25, 2019, 6:13 PM IST

টীয়ক, 25 ডিচেম্বৰঃ সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে আজিও উত্তাল সমগ্ৰ ৰাজ্য ৷ টীয়কত কৃষক মুক্তিয়ে কঁপাই প্ৰতিবাদেৰে তোলে সমগ্ৰ অঞ্চল ৷ চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা কৃষক নেতা অখিল গগৈকে ধৰি সকলো সংগ্ৰামী নেতাক বিনা চৰ্তে মুক্তি দিয়াৰ দাবীত বুধবাৰে টীয়কত উত্তাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷

অখিল গগৈৰ মুক্তিৰ দাবীত উত্তাল টীয়ক

এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ টীয়ক মহকুমা সমিতিৰ লগতে অসম প্ৰেমী যুৱ ছাত্ৰ সমাজে । প্ৰতিবাদকাৰীসকলে চৰকাৰ বিৰোধী শ্ল’গান দিয়াৰ লগতে নাগৰিকত্ব সংশোধনী আইন কোনো কাৰণতে মানি নোলোৱাৰ হুংকাৰ দিয়ে । লগতে এই আইনৰ বিৰোধী প্ৰতিবাদী কন্ঠক এনেদৰে হকে-বিহকে ৰুদ্ধ কৰিবলৈ চৰকাৰে চলোৱা এই চেষ্টাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ।

আৰু পঢ়কঃঅসমীয়াই CAA নামানে ! একেই গতিৰে চলিয়েই আছে প্ৰতিবাদ

Last Updated : Dec 25, 2019, 6:13 PM IST

ABOUT THE AUTHOR

...view details