মৰিয়নী,3 জানুৱাৰীঃমৰিয়নীত শিল্পী সমাজৰ নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ ৷ মৰিয়নী শিল্পী সমাজ আৰু মৰিয়নীবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে বৰষা ৰাণী বিষয়া , অমৃতা গগৈ, গীতিকাৰ সুৰকাৰ জয়ন্ত নাথকে আদি কৰি কেইবাজনো বিশিষ্ট অভিনেতা উপস্থিত থাকে ৷ লগতে উপস্থিত থাকে তাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া, আঞ্চলিক ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া অসম আন্দোলনৰ লগত জড়িত মৰিয়নীৰ কেইবাজনো প্ৰাক্তন আছু নেতা ৷
প্ৰতিকূল বতৰকো নেওচি মৰিয়নীত বৰষা-অমৃতাৰ প্ৰতিবাদ - মৰিয়নীত অমৃতা গগৈ
মৰিয়নীত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে ৰূপায়ণ গণ প্ৰতিবাদী কাৰ্যসূচী ৷ মৰিয়নী শিল্পী সমাজ আৰু মৰিয়নীবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে বৰষাৰাণী বিষয়া, অমৃতা গগৈ, গীতিকাৰ সুৰকাৰ জয়ন্ত নাথকে আদি কৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে ৷
মৰিয়নীত নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী প্ৰতিবাদ
নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত ছহিদ কেইগৰাকীৰ বাবে এক মিনিটৰ মৌন প্ৰাৰ্থনাৰ পাছতেই ডবা খোল বৰতালৰ মংগল ধ্বনিৰে আৰম্ভণি কৰে প্ৰতিবাদী গণ সমাৱেশ কাৰ্যসূচী ৷ লক্ষণীয়ভাৱে পুৱাৰে পৰা হোৱা নেৰানেপেৰা বৰষুণকো আওকাণ কৰি কেইবাশতাধিক লোক উপস্থিত হয় প্ৰতিবাদস্থলীত ৷
আৰু পঢ়কঃ চৰাইদেউত আটক অস্ত্ৰ সৰবৰাহকাৰী