যোৰহাট, 29 ডিচম্বৰঃযোৰহাটৰ বেকাজান আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত, বৰহোলা ইকৰানী তিতাবৰ মহকুমা ছাত্ৰ সন্থা তথা বেকাজানবাসী ৰাইজৰ সহযোগত দেওবাৰে গণ সত্যগ্ৰহ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ সহস্ৰাধিক লোকৰ উপস্থিত বেকাজান ৰাজহুৱা খেল পথাৰত ৰূপায়ন কৰা হয় এই গণ সত্যগ্ৰহ কাৰ্যসূচী ।
নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীতে এই কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠন কেইটাই । কাৰ্যসূচীত তিতাবৰ মহকুমা সম্পাদক মাধুৰ্য পাঠকে মন্তব্য কৰে যে, আমাৰ গাত অন্তিম টোপাল তেজ থকালৈ আমি প্ৰতিবাদ কৰি যাম । কেন্দ্ৰীয় চৰকাৰে আমাক যি বিদেশী বোজা জাপি দিবলৈ লৈছে তাক আমি কোনো কাৰণে মানি নলও ।