অসম

assam

ETV Bharat / state

ভেলাঘৰৰ বাকৰি পৰিণত হ'ল প্ৰতিবাদস্থলীলৈ.. - Merapani villagers against CAA

মেৰাপানীৰ এখন গাঁৱত গাওঁবাসীয়ে ভেলাঘৰৰ পৰিবৰ্তে সাজি উলিয়াইছে 'কা আমি নামানো' শীৰ্ষক বৃহৎ আকাৰৰ প্ৰতিকৃতি । নাগৰিকত্ব সংশোধনী আইন বাতিল নোহোৱা পৰ্যন্ত ভেলাঘৰৰ পৰিৱৰ্তে মুকলি আকাশৰ তলতে ভোগালীৰ ভোজ খোৱাৰ কঠোৰ সংকল্প লৈছে নলনী পথাৰ গাঁওবাসীয়ে ।

ভেলাঘৰৰ বাকৰি পৰিণত হ'ল প্ৰতিবাদস্থলীলৈ..
ভেলাঘৰৰ বাকৰি পৰিণত হ'ল প্ৰতিবাদস্থলীলৈ..

By

Published : Jan 14, 2020, 9:49 PM IST

মেৰাপানী, 14 জানুৱাৰী: পৰম্পৰা অনুসৰি ৰাজ্যত ভোগৰ ভোগালীক আদৰাৰ প্ৰস্তুতি চলিছে যদিও যোৰহাট জিলাৰ মেৰাপানীৰ এখন গাঁৱত ব্যতিক্ৰমী ৰূপত দেখা পোৱা গৈছে ভোগালীৰ প্ৰস্তুতি । মেৰাপানীৰ নলনী পথাৰ গাঁৱৰ ৰাইজে এইবাৰ ভোগালীৰ ভেলাঘৰৰ বাকৰিক পৰিণত কৰিছে প্ৰতিবাদ স্থলীলৈ । যোৰহাটৰ এই গাঁওখনত ভোগালীৰ উৰুকাৰ নিশাৰ বাবে ৰাইজে এইবাৰ সজা নাই পৰম্পৰাগত ভেলাঘৰ ।

ভেলাঘৰৰ বাকৰি পৰিণত হ'ল প্ৰতিবাদস্থলীলৈ..

উল্লেখ্য যে, গঞাই ভেলাঘৰৰ পৰিৱৰ্তে সাজি উলিয়াইছে 'কা আমি নামানো'শীৰ্ষক বৃহৎ আকাৰৰ প্ৰতিকৃতি । নাগৰিকত্ব সংশোধনী আইন বাতিল নোহোৱা পৰ্যন্ত ভেলাঘৰৰ পৰিৱৰ্তে মুকলি আকাশৰ তলতে ভোগালীৰ ভোজ খোৱাৰ কঠোৰ সংকল্প লৈছে নলনী পথাৰ গাঁওবাসীয়ে । সম্প্ৰতি ভোজৰ বাবে নিৰ্ধাৰিত স্থানত নৃত্য গীতৰ সলনি প্ৰতিপল গুঞ্জৰিত হৈছে'জয় আই অসম' ধ্বনি। বিহুৰ বাকৰিৰ পৰাই নলনী পথাৰ গাঁৱৰ ৰাইজে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰক নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিবৰ বাবে কঠোৰভাৱে সকিয়নী প্ৰদান কৰিছে ।

লগতে পঢ়ক: উৰুকাৰ নিশা এন্দুৰেৰে এসাজ...

ABOUT THE AUTHOR

...view details