যোৰহাট, 30 অক্টোবৰ :বহিৰাগত চাৰি লেন যুক্ত পথ নিৰ্মাণকাৰী কোম্পানীয়ে থলুৱা নিবনুৱাক দিলে ৰামঠগন ৷ ৰাষ্ট্ৰীয় ঘাই-পথ নিৰ্মাণকাৰী সংস্থা NHIDCL ৰ তত্বাৱধানত চাৰিলেন যুক্ত পথ নিৰ্মাণকাৰী JDCL নামৰ কোম্পানীটোৱে থলুৱা নিবনুৱাক ৰাম ঠগন দিয়াৰ অভিযোগ উত্থাপিত হৈছে ৷ কোম্পানীটোৰ অতি নিম্ন মানৰ কাম আৰু লেহেমীয়া গতিৰ বাবে ইতিমধ্যে চৰকাৰে কামৰ পৰা অপসাৰণ কৰিছে কোম্পানীটোক ৷
পুনৰ বহিৰাগত ব্যৱসায়ীক সংস্থাই ঠগিলে থলুৱা কৰ্মচাৰী-ঠিকাদাৰক - থলুৱা ঠিকাদাৰ
বহিৰাগত চাৰি লেন যুক্ত পথ নিৰ্মাণকাৰী কোম্পানীয়ে দিলে থলুৱা কৰ্মচাৰী, ঠিকাদাৰক ৰামঠগন ৷ জানো আহক ঘটনাৰ সবিশেষ ৷
উল্লেখযোগ্য যে, কোম্পানীটোৱে ততাতৈয়াকৈ কোনো আগজাননী নিদিয়াকৈ আৰু স্থানীয় কৰ্মচাৰী সকলৰ লগতে স্থানীয় যোগান কাৰী ঠিকাদাৰ সকলক ৩ কোটিতকৈ অধিক টকা নিদিয়াকৈ কাৰ্যালয় বন্ধ কৰি পলায়ন কৰে ৷ পিছত স্থানীয় ঠিকাদাৰ সকলে JDCL ৰ বিষয়াক যোগাযোগ কৰাত তেওঁলোকে ৪৫ দিনৰ ভিতৰত বকেয়া ধন আদায় দিব বুলি লিখিত দিয়াৰ পাছতো অদ্য পৰিমিত ধন আদায় দিয়া নাই ।
ইয়াৰ ফলত ঠিকাদাৰ সকলে JDCL ৰ যোৰহাটত চলি থকা ৱাটাৰ প্ৰজেক্টৰ লগতে সকলো প্ৰজেক্ট বন্ধ কৰি দিয়াৰ হুংকাৰ দিছে ৷ এইদৰে এতিয়া এচাম বহিৰাগত সংস্থাই থলুৱা কৰ্মচাৰী সকলৰ লগতে ঠিকাদাৰ সকলক প্ৰতাৰণা কৰা ঘটনাই যথেষ্ট তাৎপৰ্য বহন কৰিছে বুলি উত্থাপিত হৈছে অভিযোগ ৷
লগতে পঢ়ক :ব্ৰিটিছ শাসনত ৰক্তপাতহীন বিপ্লৱৰ এক গৌৰৱময় ইতিহাস আৰু কুমাঁও কেশৰী