মৰিয়নী, 5 মে’ : ৰাজ্যজুৰি ক্ৰমাৎ বৃদ্ধি হৈছে নাৰীজনিত অপৰাধৰ ঘটনা (Rape case at Mariani)৷ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত এগৰাকী কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰাৰ ঘটনা মাৰ নৌযাওঁতেই এইবাৰ যোৰহাট জিলাৰ মৰিয়নীত পুনৰ ধৰ্ষণৰ ঘটনা পোহৰলৈ আহিছে (Rape case in Jorhat) ৷ বৰদেউতাকৰ পুত্ৰৰ কামনাৰ বলি হ’ল খুড়াকৰ ছোৱালী ৷ নিজ ভাতৃয়ে বিগত এসপ্তাহ ধৰি উপৰ্যুপৰি ধৰ্ষণ কৰিলে এগৰাকী ১২ বছৰীয়া নাবালিকাক (Brother rape sister at Mariani)।
মৰিয়নীৰ গোসাইবাৰীৰ এজন যুৱকে নিজ খুড়াকৰ কন্যা নাবালিকা ভগ্নীৰ ওপৰত চলাই আহিছিল এই ঘৃণনীয় নিৰ্যাতন। আনকি এই অপকৰ্মৰ বিষয়ে পিতৃ-মাতৃক অৱগত কৰিলে নাবালিকাগৰাকীক হত্যাৰ ভাবুকি প্ৰদান কৰিছিল জনৈক গড় উপাধিৰ নামৰ যুৱকজনে (Minor girl rape by brother) ৷
কিশোৰীগৰাকীৰ মাতৃয়ে সদৰী কৰা অনুসৰি তেওঁলোকে দিনটো কামলৈ ওলাই যায় ৷ ঘৰত কিশোৰীগৰাকী প্ৰায়েই অকলে থাকিব লগীয়া হয় ৷ ইয়াৰেই সুযোগ লৈ ভাতৃৰূপী লম্পটটোৱে কিশোৰীগৰাকীক দাবী ধমকি দি অপকৰ্ম কৰেহি ৷ অৱশেষত উপায়হীন হৈ কিশোৰীগৰাকীয়ে মাতৃৰ আগত সকলো কথা বিৱৰি কয় ৷