অসম

assam

ETV Bharat / state

Boxer Abhijit Barua : যোৰহাটত বক্সাৰ অভিজিত বৰুৱাক সম্বৰ্ধনা - ক্ৰীড়াবিদ অভিজিত বৰুৱা

যোৰহাট মুক্তি যোদ্ধা ভৱনত (Jorhat Mukti Yoddha Bhawan) জিলা কেন্দ্ৰীয় পূজা সম্বন্ধয়ৰক্ষী সমিতিৰ বক্সাৰ অভিজিত বৰুৱাক সম্বৰ্ধনা । বক্সিঙত সাফল্য সন্দৰ্ভত বক্সাৰ বৰুৱাই কয় যে, অসমবাসী ৰাইজৰ মৰম- আৰ্শীবাদে তেওঁক যথেষ্ট প্ৰেৰণা দিয়ে ।

Boxer Abhijit Barua
যোৰহাটত বক্সাৰ অভিজিত বৰুৱাক সম্বৰ্ধনা

By

Published : Oct 16, 2022, 2:01 PM IST

যোৰহাট, ১৬ অক্টোবৰ: আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলি উঠা অসম সন্তান অভিজিত বৰুৱাক লৈ এতিয়া ৰাজ্যৰ লগতে জন্মস্থান যোৰহাটতো অনাবিল আনন্দ । অভিজিতৰ এই সাফল্যত গৌৰৱান্বিত হৈ বিভিন্ন দল-সংগঠনে আদৰণি আৰু সম্বৰ্ধনা জ্ঞাপন (Boxer Abhijit Barua Felicitated at Jorhat) কৰিছে ।

যোৰহাট মুক্তি যোদ্ধা ভৱনত জিলা কেন্দ্ৰীয় পুজা সম্বন্ধয়ৰক্ষী সমিতিয়ে (Jorhat Central Puja Committee Felicitated boxer) অসমীয়াৰ স্বাভিমান গামোচা, চেলেং চাদৰ, প্ৰংশসাপত্ৰ আৰু শৰাই আদিৰে অভিজিতক শনিবাৰে সম্বৰ্ধনা জ্ঞাপন কৰে । আনহাতে উক্ত সম্বৰ্ধনা গ্ৰহণ কৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াবিদ অভিজিত বৰুৱাই কয় যে ৰাইজ মৰম-আৰ্শীবাদে তেওঁক আগৱাঢ়ি যাবলৈ অধিক উৎসাহিত কৰে । লগতে যোৰহাট কেন্দ্ৰীয় পূজা সম্বন্ধয়ৰক্ষী সমিতিয়ে এই মৰম দিয়া বাবে তেওঁলোকক কৃতজ্ঞতা জনায় ।

আনহাতে, আন্তঃৰাষ্ট্ৰীয় পেছাদাৰী বক্সিঙত সাফল্য সন্দৰ্ভত বক্সাৰ বৰুৱাই কয় যে অসমবাসী ৰাইজৰ মৰম-আৰ্শীবাদে তেওঁক যথেষ্ট প্ৰেৰণা দিয়ে । যেতিয়া জয় আই অসম ধ্বনি প্ৰতিফলিত হয় তেতিয়া তেওঁৰ গাত অধিক শক্তি সঞ্চাৰ হয় আৰু জয় আই অসম ধ্বনিয়ে দেশমাতৃক সেৱা কৰাৰ বাবে উৎসাহিত কৰে ।

উল্লেখ্য যে, পৰৱতী খেলসমূহৰ বাবে কঠোৰ অনুশীলনত ব্যস্ত হৈ আছে অভিজিত বৰুৱা । আন্ত:ৰাষ্ট্ৰীয় পেছাদাৰী বক্সিং প্ৰতিযোগিতাত অভিজিতে নিজৰ শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰি দেশ মাতৃ নাম বিদেশৰ মাটিত সোণালী আখৰেৰে লিপিবদ্ধ কৰে ।

যোৰহাটত বক্সাৰ অভিজিত বৰুৱাক সম্বৰ্ধনা

ভাৰতক প্ৰতিনিধিত্ব কৰি পুনৰ অসমৰ নাম জিলিকাই তোলা অভিজিত বৰুৱা থাইলেণ্ড আৰু বাংলাদেশৰ খেলুৱৈক পৰাস্ত কৰি পেছাদাৰী বক্সিঙত উজ্বলি উঠাৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এক চিনাকী নাম । সৰুৰে পৰাই খেলৰ প্ৰতি ধাউতি থকা অভিজিতে খালী ভৰিৰে খোজ কাঢ়ি গ্ৰীণিজ ৱ'ৰ্ল্ড ৰেকৰ্ড (Greenies World Records) গঢ়িছিল ।

ক্ৰীড়া ক্ষেত্ৰত দেখুওৱা অনবদ্য প্ৰদৰ্শন আৰু একাগ্ৰতাৰ বলত অসম আৰক্ষীত চাকৰি লাভ কৰা বৰুৱাই সেই লোভনীয় চাকৰি ত্যাগ কৰি পেছাদাৰী বক্সিঙত মনোনিৱেশ কৰি আজি বিশ্ব দৰৱাৰত জিলিকি উঠিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক:Zubeen Garg Program in Morigaon : জুবিজু ন গাৰ্গৰৰ্গ অনুষ্ঠানত পুনৰ অপ্ৰীতিকৰ পৰিস্থিত

ABOUT THE AUTHOR

...view details