অসম

assam

ETV Bharat / state

বৰহোলা আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ গাঞ্জাসহ আটক এজন - বৰহোলাত গাঞ্জা জব্দ বাতৰি

পূৰ্ণ গতিত চলি আছে অসম আৰক্ষীৰ অবৈধ নিচাযুক্ত দ্ৰৱ্য বিৰোধী অভিযান ৷ বৃহস্পতিবাৰে, তিতাবৰ মহকুমাৰ বৰহোলা আৰক্ষীয়ে এক অভিযানত 4 কিলো 900 গ্ৰাম গাঞ্জা সহ এজনক আটক কৰিবলৈ সক্ষম হয় ৷

borhola-police-arrests-one-with-huge-amount-of-ganja
বৰহোলা আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ গাঞ্জা সহ আটক এজন

By

Published : Jun 11, 2021, 9:48 AM IST

তিতাবৰ, 11 জুন : ৰাজ্যত পূৰ্ণ গতিত অব্যাহত আছে অসম আৰক্ষী (Assam Police)ৰ ড্ৰাগছ তথা অবৈধ নিচাযুক্ত দ্ৰব্য বিৰোধী অভিযান। আৰক্ষীৰ অভিযানত প্ৰতিদিনেই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জব্দ হৈছে লাখ লাখ টকা মূল্যৰ ড্ৰাগছ তথা আন আন অবৈধ নিচাযুক্ত দ্ৰব্য ।

বৰহোলা আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ গাঞ্জা সহ আটক এজন

বৃহস্পতিবাৰে, তিতাবৰ মহকুমাৰ বৰহোলা আৰক্ষীয়েও অবৈধ নিচাযুক্ত বিৰূদ্ধে এক সফল অভিযান সম্পন্ন কৰে । আৰক্ষীয়ে বৰহোলাৰ বেকাজান গায়ণবাৰী গাঁৱত অভিযান চলাই 4 কিলো 900 গ্ৰাম গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় ।

উল্লেখযোগ্য যে, গাঁওখনৰ প্ৰণৱ গগৈ ওৰফে দুদু নামৰ লোকজন দীৰ্ঘদিনৰ পৰা গাঞ্জাৰ সৰবৰাহৰ সৈতে জড়িত থকাৰ তথ্য লাভ কৰিছিল বৰহোলা আৰক্ষীয়ে । এই তথ্যৰ ওপৰত ভিত্তি কৰি অভিযান চলাই গাঞ্জাখিনি সহিতে লোকজনক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী বাহিনীয়ে ৷ সম্প্ৰতি আৰক্ষীয়ে ধৃত সৰবৰাহকাৰী প্ৰণৱ গগৈৰ সোধাপোছ অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:কেনেকৈ আগবাঢ়িব নৱ গঠিত মটক স্বায়ত্ত শাসিত পৰিষদ ?

ABOUT THE AUTHOR

...view details