যোৰহাট, 27 জানুৱাৰী : অসমৰ সীমান্তত প্ৰায়ে নগাৰ আগ্ৰাসন (Naga aggression in Border)ৰ খবৰে সংবাদ শীৰ্ষ দখল কৰি আহিছে ৷ এই সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰে সময়ে সময়ে বিভিন্ন বৈঠকত অংশগ্ৰহণ কৰিছে যদিও লাভ কৰা নাই সুফল ৷ কিন্তু ৰাজ্য চৰকাৰে সীমান্তত অসম আৰক্ষীৰ নিৰীক্ষণ চকী (BOP in Assam Nagaland Border) স্থাপনৰ সিদ্ধান্ত লৈছিল, যদিও সেয়া আজিলৈকে ফলপ্ৰসূ নহ’ল ৷
চৰকাৰৰ হেমাহিয়ে হওক নাইবা সদিচ্ছাৰ অভাৱে হওক, মুঠতে এই নিৰীক্ষণ চকীৰ নিৰ্মাণৰ কাম আৰম্ভ নহ’ল ৷ চৰকাৰৰ এই সিদ্ধান্তৰ বাবে প্ৰথমে উৎফুল্লিত হৈছিল সীমান্তবাসী ৷ বিশেষকৈ মৰিয়নীৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী নকছাৰী মগৈ গাঁৱত বিগত 2017 চনত তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বিত্ত মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এক সীমান্ত নিৰীক্ষণ চকী স্থাপন কৰাৰ কথা ঘোষণা কৰিছিল ৷ যাৰ বাবে শ্বহীদ পৰিয়ালে ইয়াৰ বাবে দান দিছিল ভূমি ৷ পৰৱৰ্তী সময়ত চৰকাৰৰ এই ঘোষণা, ঘোষণা হৈয়ে ৰোৱা পৰিলক্ষিত হ’ল ৷
বিষয় সন্দৰ্ভত অলপ বিতংভাৱে জানিবলৈ খুজিলে আমি দেখিম যে, মগৈ গাঁৱৰ অসম আন্দোলনৰ শ্বহীদ নবীন গগৈৰ পৰিয়ালে সীমান্ত অসম আৰক্ষী চকীৰ স্থাপনৰ বাবে নিজৰ ম্যাদী পট্টাৰ দুবিঘা ভূমি দান কৰে ৷