যোৰহাট, 13 নবেম্বৰ :ইখনৰ পাচত সিখন ৰাজ্যৰ সৈতে আৰম্ভ হৈছে অসমৰ সীমা বিবাদ ৷ বৰাক উপত্যকাৰ কাছাৰ, কৰিমগঞ্জ জিলাৰ অসম-মিজোৰাম সীমান্তত সীমা বিবাদৰ উত্তেজনা মাৰ নৌযাওতেই, পুনৰ উজনিত আৰম্ভ হৈছে অসম-নাগালেণ্ডৰ সংঘাত ৷ মৰিয়নিৰ দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত নগাই চলোৱা বেদখলৰ বিৰুদ্ধে অধিক কঠোৰ হৈছে অসম আৰক্ষী আৰু অসমৰ প্ৰশাসন । দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত নগা আৰক্ষীৰ এটা শিৱিৰ স্থাপন কৰাৰ পিচত সমগ্ৰ অঞ্চলটোতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । নগাই সশস্ত্ৰ নগা আৰক্ষীৰ শিৱিৰ স্থাপন কৰি তাত নগা আৰক্ষী মোতায়ন কৰে যদিও অসমৰ প্ৰশাসনে উক্ত শিবিৰটো উচ্ছেদ কৰিব বিচাৰে ৷ কিন্তু নগা প্ৰশাসনিক বিষয়া আৰু আৰক্ষীৰ অনুৰোধত এদিনৰ সময় দি শিবিৰটো উচ্ছেদ কৰিবলৈ সকীয়নি দিয়ে ।
দুদিনৰ পাচত উক্ত শিবিৰটো নগাই আঁতৰাই নিয়াৰ পৰিৱৰ্তে তাত অধিক নগা আৰক্ষী নিয়োগ কৰে । ইয়াৰ পাচতেই নগাৰ এনে কাৰ্যৰ বিৰুদ্ধে এক প্ৰকাৰ ফেপেৰি পাতে অসম আৰক্ষীয়ে । যোৰহাটৰ আৰক্ষী অধীক্ষক মৃণাল তালুকদাৰৰ নেতৃত্বত আৰক্ষী, প্ৰশাসন আৰু বন বিভাগৰ এটা বৃহৎ দলে উক্ত শিবিৰ উৎখাত কৰিবৰ বাবে আগবাঢ়ে । ইফালে, নাগালেণ্ডৰ প্ৰশাসনে শিবিৰটো আঁতৰাই নিয়াৰ কোনো লক্ষণ নেদেখি উক্ত শিবিৰটো স্থাপন কৰা টিলাটোলৈ উঠি যোৱা পথৰ দাঁতিতে অসম আৰক্ষী বেটেলিয়ানৰ দুটাকৈ শিবিৰ স্থাপন কৰাৰ লগতে বাংকাৰো নিৰ্মাণ কৰে । তাৰোপৰি বৃহৎ সংখ্যক অসম আৰক্ষীৰ বেটেলিয়ান মোতায়ন কৰা হয় ।
ইয়াৰ পাচতেই গা লৰিল নাগালেণ্ড চৰকাৰৰ । সমগ্ৰ বিষয়টো আলোচনা কৰিবৰ বাবে নাগালেণ্ড চৰকাৰে তেওঁলোকৰ উচ্চ পদস্থ বিষয়াক ঘটনাস্থলীলৈ প্ৰেৰণ কৰে । বুধবাৰে আবেলি সময়ত মোককচাং জিলাৰ অতিৰিক্ত উপায়ুক্ত ৰাজা ভৌলী, সহকাৰী আৰক্ষী অধীক্ষক ইমটি মেৰেন আও, সীমান্ত দণ্ডাধীশ ফিৰহাছী , মাংকুলেম্বাৰ মহকুমা আৰক্ষী বিষয়া তালি চুনেপ আদি উপস্থিত হৈ অসমৰ দলটোৰ সৈতে এক চমু আলোচনাত মিলিত হয় । যদিও নিশা লৈকে কোনোধৰণৰ ফলপ্ৰসূ সমাধান নোলাল । যাৰ ফলত যোৰহাটৰ আৰক্ষী অধীক্ষক মৃনাল তালুকদাৰৰ উপৰিও মৰিয়নিৰ ৰাজহ চক্ৰ বিষয়া তথা সীমান্ত দণ্ডাধীশ ডাঃ বিশ্বজিত বৰা, তিতাবৰ মহকুমাৰ মহকুমা আৰক্ষী বিষয়া নিতুমনি দাস আদিৰ লগতে অসম আৰক্ষীৰ এটা বৃহৎ দলৰ লগতে স্থানীয় লোক বৃহস্পতিবাৰে পুৱালৈকে ঘটনাস্থলীত থাকে । ঘটনাৰ পিচত সমগ্ৰ অঞ্চলটোতে উত্তেজনা অধিক বৃদ্ধি পোৱাৰ লগতে পুৱাৰে পৰা অসম আৰক্ষীয়ে নিজৰ শক্তি বৃদ্ধি কৰি অধিক জোৱান ঘটনাস্থলীত নিয়োজিত কৰিছে ।