টীয়ক, 20 আগষ্ট:জ্যোতি-প্ৰতাপ শিক্ষা ন্যাসৰ তত্বাৱধানত বিশিষ্ট সমাজকৰ্মী প্ৰতাপ শইকীয়াৰ পৰিকল্পনাত দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰ-ছাত্ৰীক সম্পূৰ্ণ বিনামূলীয়াকৈ পাঠদান দিয়াৰ উদ্দেশ্যে স্থাপন কৰা জ্যোতি-প্ৰতাপ জ্ঞানমাৰ্গ বিদ্যালয়ত দেওবাৰে আয়োজন কৰা হয় অভিনন্দন গ্ৰন্থ উন্মোচনৰ এক বিশেষ অনুষ্ঠান ৷
উল্লেখযোগ্য যে শিক্ষানুষ্ঠানখনৰ ন্যাসৰ তৰফৰ পৰা অসমৰ এগৰাকী প্ৰখ্যাত চিত্ৰশিল্পী, বহু গ্ৰন্থৰ প্ৰণেতা, নামতি পিয়লি ফুকন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড৹ ভাৰত বৰাৰ জীৱন ভিত্তিক 'সেউজ সুন্দৰ' নামেৰে এখনি গ্ৰন্থ প্ৰকাশ কৰি উলিওৱা হৈছে ৷ দেওবাৰে এই গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰী অধ্যাপক ড৹ অৱনী ভাগৱতীয়ে ৷
উন্মোচনী ভাষণত ড৹ ভাগৱতীয়ে জীয়াই থাকোতেই এজন মানুহক সন্মান জনাবৰ বাবে গ্ৰহণ কৰা প্ৰয়াসক শলাগ লোৱাৰ লগতে এনে কৰ্ম আন বহুতৰ বাবেই অনুকৰণীয় বুলি কয় ৷ সমাজ জীৱনলৈ আগবঢ়োৱাৰ স্বীকৃতি জীয়াই থকা অৱস্থাত লাভ কৰিবলৈ পোৱাতো সৌভাগ্যৰ কথা ৷ এই উপলক্ষে বিদ্যালয়ৰ নৱ নিৰ্মিত চৌহদত আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ সব্যসাচী মহন্ত, আন্তৰ্জাতিক পৰিৱেশ কৰ্মী ঋতুৰাজ ফুকন আৰু অৰণ্য মানৱ পদ্মশ্ৰী যাদব পায়েং ৷