টীয়ক, ৩০ জানুৱাৰী:শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰৰ পূৰ্ণ পৃষ্ঠপোষকতাত এবছৰ পূৰ্বে টীয়কৰ চটাইস্থিত দক্ষিণপাট সত্ৰত প্ৰতিষ্ঠা হোৱা আয়ুস ফাৰ্মাচী ইনষ্টিটিউটৰ শিক্ষকৰ সহযোগত প্ৰকাশ কৰা হৈছে এখন ছ'চিয়েল ফাৰ্মাচী বিষয়ক গ্ৰন্থ (Book released at AYUSH Pharmacy Institute ) । আয়ুস ফাৰ্মাচী ইনষ্টিটিউটৰ কেইবাগৰাকী শিক্ষকৰ সহযোগত চিকিৎসা বিজ্ঞানৰ ফাৰ্মাচী বিষয়ত অধ্য়য়নৰ সহায়ক হোৱাকৈ এই ছ'চিয়েল ফাৰ্মাচী বিষয়ক গ্ৰন্থখন প্ৰকাশ কৰা হৈছে । দেওবাৰে এই গ্ৰন্থখন উন্মোচন কৰা হয় ।
আয়ুস ফাৰ্মাচী ইনষ্টিটিউটৰ বাৰ্ষিক খেল-ধেমালি প্ৰতিযোগিতাৰ বঁটা বিতৰণী সভাৰ লগত সংগতি ৰাখি এই গ্ৰন্থখন উন্মোচন কৰা হয় (AYUSH Pharmacy Institute at Teok) । দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী ননীগোপাল দেৱগোস্বামীৰ উপস্থিতিত গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় । এই গ্ৰন্থ উন্মোচনী সভাত ইনষ্টিটিউটৰ প্ৰাক্তন অধ্যক্ষ ৰত্নাজ্যোতি দাস, বৰ্তমানৰ অধ্যক্ষ পৰিমিতা দাসৰ লগতে মুখ্য অতিথি হিচাপে উপস্থিত থাকে ফাৰ্মাচী কাউন্সিল অৱ ইণ্ডিয়াৰ সদস্যা সুকীৰ্তি দাস (Annual Sports of AYUSH Pharmacy Institute)। এই গ্ৰন্থখনে সমগ্ৰ ভাৰতবৰ্ষতে ফাৰ্মাচী বিষয়ত অধ্যয়ন কৰা ছাত্ৰ -ছাত্ৰীসকলৰ বাবে উপযুক্ত তথ্যসম্বলিত পাঠ্যপুথি হিচাপে প্ৰতিষ্ঠা লাভ কৰিব বুলি আশা প্ৰকাশ কৰে বিশিষ্ট ব্যক্তিসকলে ।