যোৰহাট, ৩ মাৰ্চ: সাংস্কৃতিক ৰাজধানী হিচাপে খ্যাত যোৰহাটত বুধবাৰৰে পৰা আৰম্ভ হৈছে গ্ৰন্থ মেলা আৰু সাহিত্য উৎসৱ । নব্বৈ দশকৰ পৰা যোৰহাটত ধাৰাবাহিকভাৱে অনুষ্ঠিত হৈ অহা গ্ৰন্থ মেলাখনি যোৱা বৰ্ষটোত অতিমাৰী কৰ'ণাৰ বাবে স্থগিত ৰকা হৈছিল । গ্ৰন্থক অধিক জনপ্ৰিয় কৰাৰ প্ৰচেষ্টাত যোৰহাট জিলা সাহিত্য সভা আৰু অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ উদ্যোগত ৩ মাৰ্চৰ পৰা ১০ মাৰ্চলৈ যোৰহাট জিলা ক্ৰিয়া সন্থাৰ খেল পথাৰত আয়োজন কৰা হৈছে এই গ্ৰন্থ মেলাখনি ।
বুধবাৰৰে পৰা যোৰহাটত গ্ৰন্থ মেলা আৰু সাহিত্য উৎসৱ - প্ৰাক্তন সভাপতি ধ্ৰুৱজ্যোতি বৰা
যোৰহাটত সাতদিনীয়াকৈ গ্ৰন্থ মেলা আৰু সাহিত্য উৎসৱ । প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি, গ্ৰন্থ মেলাৰ দ্বাৰ উদ্বোধন কৰে শিশু আলোচনী মৌচাকৰ সম্পাদক তথা সাহিত্যিক শান্তনু তামুলীয়ে ।
বুধবাৰৰে পৰা যোৰহাটত গ্ৰন্থ মেলা আৰু সাহিত্য উৎসৱ
প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি, গ্ৰন্থ মেলাৰ দ্বাৰ উদ্বোধন কৰে শিশু আলোচনী মৌচাকৰ সম্পাদক তথা সাহিত্যিক শান্তনু তামুলীয়ে । গ্ৰন্থ মেলা আৰু সাহিত্য উৎসৱ আনুষ্ঠানিভাৱে উদ্বোধন কৰে ড০ মালিনী গোস্বামীয়ে । ইফালে বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ধ্ৰুৱজ্যোতি বৰা ।
লগতে পঢ়ক:অতিথিশালা ত্যাগ কৰিব লাগিব মুখ্যমন্ত্ৰী সোণোৱালে !