যোৰহাট,29 মাৰ্চ : মৰিয়নীৰ হেমলাইত জব্দ কৰা চাইকেল সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক মুখপাত্ৰৰ সংবাদমেল ৷
মৰিয়নিত জব্দ চাইকেল সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক মুখপাত্ৰৰ সংবাদমেল - congress
28 মাৰ্চত মৰিয়নীৰ হেমলাই চামতলত এখন চাইকেল ভৰ্তি বলেৰ' পিক আপ জব্দ কৰাৰ পাচত চাইকেলসমূহ বিজেপিয়ে ভোটাৰৰ মাজত বিনামূলীয়াকৈ বিলাবলৈ আনিছিল বুলি অভিযোগ উত্থাপিত কৰিছিল মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ।
উল্লেখ্য যে, 28 মাৰ্চত মৰিয়নীৰ হেমলাই চামতলত এখন চাইকেল ভৰ্ত্তি বলেৰ' পিক আপ জব্দ কৰাৰ পাচত চাইকেলসমূহ বিজেপিয়ে ভোটাৰৰ মাজত বিনামূলীয়াকৈ বিলাবলৈ আনিছিল বুলি অভিযোগ উত্থাপিত কৰিছিল মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে । এই সন্দৰ্ভত শুকুৰবাৰে যোৰহাট প্ৰেছ ক্লাবত অনুষ্ঠিত হোৱা সংবাদমেলত নিজৰ দলৰ স্থিতি স্পষ্ট কৰি এনে কুটিল ৰাজনীতি কংগ্ৰেছেহে কৰিব পাৰে বুলি কটাক্ষ কৰি বিজেপিয়ে নকৰে বুলি মন্তব্য কৰে বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ হেমন্ত কলিতাই । কেৱল এয়াই নহয়, এয়া এক ষড়যন্ত্ৰ বুলিও উল্লেখ কৰে ৰাজ্যিক মুখপাত্ৰগৰাকীয়ে ।