তিতাবৰ, 7 জানুৱাৰী :ঠেঙ্গাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ ( Thengal Kachari Autonomous Council election) বাবে তৎপৰ হৈ পৰিছে ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশ কমিটি । বৃহস্পতিবাৰে নিশা নিৰ্বাচনী পৰিৱেশৰ বুজ ল'বলৈ বুলি তিতাবৰস্থিত ঠেঙাল কছাৰী সাংস্কৃতিক কেন্দ্ৰ আৰু সংগ্ৰহালয়ত উপস্থিত হয় ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক উপ সভাপতি তথা নিৰ্বাচনী প্ৰভাৰী নৱ কুমাৰ দলে(BJP leader Naba Doley) ।
দলীয় নেতৃত্ব আৰু নিৰ্বাচনৰ প্ৰাৰ্থীসকলৰ সৈতে মিলিত বৈঠকৰ অন্তত সাংবাদিকৰ আগত নৱ কুমাৰ দলেয়ে মন্তব্য কৰে যে, আগন্তুক নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰদল অগপৰ (AGP BJP alliance) প্ৰতিজন প্ৰাৰ্থীয়ে নিশ্চিতভাৱে জয়লাভ কৰিব । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে লোৱা বিভিন্ন জনমুখী কাম-কাজৰ বাবে ভোটাৰে সদায় ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে ভোটদান কৰিব বুলিও মন্তব্য কৰে নৱ কুমাৰ দলে ।