যোৰহাট, 15 ফেব্ৰুৱাৰীঃ এইবাৰ যোৰহাট বিজেপি দলৰ বিৰুদ্ধে থিয় দিছে এজন বিজেপিৰ নেতা । ৰাজ্যত শাসনাধিস্থ বিজেপি দলৰ অধীনত থকা যোৰহাট পৌৰসভাত বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ তোলাৰ লগতে যোৰহাট বিজেপিৰ ওপৰত অনাস্থা প্ৰদৰ্শন কৰি জিলা বিজেপিৰ লগত নথকাৰ সিদ্ধান্ত লৈছে অংকুৰ গুপ্তা নামৰ এইগৰাকী নেতাই । ৬ নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড মেম্বাৰ অংকুৰ গুপ্তাই অভিযোগ আনিছে যে, বিজেপিৰ যি শূণ্য সহনশীলতাৰ নিতি সেয়া সম্পূর্ণৰূপে খৰ্ব হৈছে যোৰহাটত ।
বৰ্তমান যোৰহাট পৌৰসভাত হৈ থকা বৃহৎ কেলেংকাৰীৰ বিষয়ে তেওঁ দলটোৰ শীৰ্ষ স্থানীয় নেতাক কেইবাবাৰো লিখিত আবেদন দাখিল কৰিছে যদিও কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি অংকুৰ গুপ্তাই উল্লেখ কৰে । তদুপৰি অযোগ্য ব্যক্তিক যোৰহাট পৌৰ সভাই কাম দিয়াৰো অভিযোগ আনিছে অংকুৰ গুপ্তাই । এই কেলেংকাৰীৰ লগত কংগ্ৰেছ জড়িত আছে বুলিও মন্তব্য কৰে নেতাগৰাকীয়ে । সেয়েহে তেওঁ শীঘ্ৰে যোৰহাট বিজেপিৰ পৰা আতৰি আহিছে বুলি সদৰী কৰে ।