অসম

assam

ETV Bharat / state

Maha Jan Sampark Abhiyan: সমষ্টিৰ পুনৰ নিৰ্ধাৰণ কোনো অদ্ভুত প্ৰক্ৰিয়া নহয়; বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ - Maha Jan Sampark Abhiyan

নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ 9 বছৰীয়া শাসনৰ সময়ত কৰা কামৰ বাৰ্তা দি যোৰহাটত ঘৰে ঘৰে বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ নলিন কোহলি ৷ সমষ্টিৰ পুনৰ নিৰ্ধাৰণ এক সাধাৰণ প্ৰক্ৰিয়া বুলি মন্তব্য বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ গৰাকীৰ ৷

Nalin Kohli Reacts Over Constituency Delimitatiuon
যোৰহাটত ঘৰে ঘৰে বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ

By

Published : Jun 26, 2023, 4:08 PM IST

যোৰহাটত বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ নলিন কোহলি

যোৰহাট, 26 জুন: সমষ্টিৰ পুনৰ নিৰ্ধাৰণ এক সাধাৰণ প্ৰক্ৰিয়া, এয়া কোনো অদ্ভুত প্ৰক্ৰিয়া নহয় ৷ সোমবাৰে যোৰহাটত উপস্থিত হৈ এই মন্তব্য বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ নলিন কোহলিৰ ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ 9 বছৰীয়া শাসনৰ সময়ত কৰা কামৰ বাৰ্তা দি যোৰহাটত ঘৰে ঘৰে বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ নলিন কোহলি ৷

সমাগত লোকসভা নিৰ্বাচন ৷ লোকসভা নিৰ্বাচনৰ বাবে তৎপৰ হৈ পৰিছে ৰাষ্ট্ৰীয় দল বিজেপি ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে 9 বছৰ সম্পূৰ্ণ কৰিলে ৷ সেয়েহে বিজেপি চৰকাৰে তেওঁলোকৰ কাৰ্যাকালত হোৱা উন্নয়ন আৰু বিভিন্ন কৰ্মৰাজি ৰাইজ মাজলৈ লৈ যোৱা প্ৰতিশ্ৰুতিৰে আৰম্ভ কৰিছে মহা জনসম্পৰ্ক অভিযান ৷

সোমবাৰে এই অভিযানৰ অংশ হিচাপে বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ নলিন কোহলি উপস্থিত হ'ল অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতি প্ৰাক্তন সাধাৰণ সম্পাদক বসন্ত কুমাৰ গোস্বামীৰ যোৰহাট চোলাধৰাৰ সুৱাগপুৰত থকা বাসগৃহত ৷ মোদী চৰকাৰ আৰু অসম চৰকাৰে কৰা বিভিন্ন কাম-কাজ সম্পৰ্কে প্ৰাক্তন সাহিত্য সভাৰ সাধাৰণ সম্পাদক গৰাকীক অৱগত কৰে ৰাষ্ট্ৰীয় মুখপাত্ৰজনে ৷ লগতে ৰাষ্ট্ৰীয় মুখপাত্ৰজনে বসন্ত কুমাৰ গোস্বামীৰ পৰা বিভিন্ন পৰামৰ্শ গ্ৰহণ কৰে ৷

ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম মান শ্ৰেণীলৈ অসম চৰকাৰে গণিত আৰু বিজ্ঞান পাঠ্যক্ৰম ইংৰাজী ভাষাত প্ৰচলন কৰিবলৈ লোৱা বিষয়টো পুনৰ বিবেচনা কৰিবলৈ ৰাষ্ট্ৰীয় মুখপাত্ৰ গৰাকীক আহ্বান জনায় গোস্বামীয়ে ৷ আনহাতে সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভতো মন্তব্য কৰে ৰাষ্ট্ৰীয় মুখপাত্ৰ জনে ৷ এই প্ৰক্ৰিয়া এটা সাধাৰণ প্ৰক্ৰিয়া ই কোনো অদ্ভূত প্ৰক্ৰিয়া নহয়; ই এক স্থায়ী সাংবিধানিক প্ৰক্ৰিয়া বুলি মত প্ৰকাশ কৰে ৰাষ্ট্ৰীয় মুখপাত্ৰ গৰাকীয়ে ৷

উল্লেখ্য যে বিজেপিয়ে সমগ্ৰ দেশতে মহা জনসম্পৰ্ক অভিযানৰ জৰিয়তে চৰকাৰে 9 টা বছৰে কৰা কাম-কাজ আৰু কাৰ্য বিৱৰণ লৈ গৈছে ৰাইজৰ ওচৰলৈ ৷ লগতে ৰাইজৰ পৰা বিভিন্ন পৰামৰ্শ বিচাৰিছে দলটোৱে ৷ বিজেপিয়ে মহা জনসম্পৰ্ক অভিযানৰ জৰিয়তে সমগ্ৰ দেশতে লোকসভা নিৰ্বাচনৰ ৰণডংকা বজোৱাৰ এক কৌশল হিচাপে গ্ৰহণ কৰিছে বুলিও অভিযোগ কৰিছে বিৰোধীয়ে ৷

লগতে পঢ়ক:PM Modi Returning From Foreign Visit : বিদেশ ভ্ৰমণৰ পৰা উভতি দেশৰ খবৰ সুধিলে মোদীয়ে

ABOUT THE AUTHOR

...view details