যোৰহাট, 26 জুন:নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰখনে কেন্দ্ৰত 9 বছৰ অতিক্ৰম কৰিলে ৷ মোদী চৰকাৰৰ 9 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে বিজেপি দলে আৰম্ভ কৰিছে জনসম্পৰ্ক যাত্ৰা ৷ নৰেন্দ্ৰ মোদী চৰকাৰে যোৱা 9 বছৰে সাধন কৰা উন্নয়নৰ খতিয়ানসমূহ দেশৰ প্ৰতিটো প্ৰান্তৰ জনতাক অৱগত কৰোৱাৰ উদ্দেশ্যেই আৰম্ভ কৰা হৈছে এই কাৰ্যসূচী ৷ দেশৰ আন প্ৰান্তৰ লগতে অসমতো এই কাৰ্যসূচী ৰূপায়ন কৰা হৈছে ৷
যোৰহাটত বিভিন্নজন লোকক সাক্ষাৎ কৰি বিজেপিৰ উন্নয়নৰ বাৰ্তা বিলালে বিজেপিৰ মুখপাত্ৰ তথা দেশৰ প্ৰখ্যাৎ আইনজীৱী নলিন কোহলিয়ে ৷ যোৰহাট জিলাৰ কেইবাগৰাকীও সাহিত্যিক, আইনজীৱী আৰু ব্যৱসায়ীক সাক্ষাৎ কৰি জনসম্পৰ্ক অভিযানৰ অংশ হিচাপে প্ৰকাশিত পুস্তিকা প্ৰদান কৰে ৷
সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত নলিন কোহলিয়ে কয় যে, অসম বান সমস্যাক লৈ কেন্দ্ৰ অধিক চিন্তাশীল ৷ এই বান সমস্যা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে ইতিমধ্যে বাৰ্তালাপ কৰিছে । পূৰ্বে কোনো দিনে নোহোৱা কাম-কাজ তথা উন্নয়ন অসম তথা উত্তৰ-পূবত আৰম্ভ হৈছে ৷ অৰ্থাৎ 70 বছৰে নোহোৱা কাম আৰম্ভ হৈছে পূৰ্বোত্তৰত ।