যোৰহাট,17 ফেব্ৰুৱাৰীঃ আগন্তুক 2021 বৰ্ষৰ বিধানসভা নিৰ্বাচনৰ বাবে আৰম্ভ হ’ল বিজেপি দলৰ মিছন 100 ৷ সোমবাৰে যোৰহাটত উপস্থিত হয় দলটোৰ কেইবাগৰাকীও দ্বিগজ নেতা ৷ মিছন 100 সফলৰ বাবে যোৰহাটৰ আৱৰ্ত ভৱনত অনুষ্ঠিত এক দলীয় সভাত অংশগ্ৰহণ কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন গগৈ, যোৰহাটৰ বিধায়ক তথা বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰ নিথ গোস্বামীৰ লগতে যোৰহাটৰ বিজেপিৰ নেতাসকলে ৷
আৰম্ভ হ’ল বিজেপিৰ ‘মিছন 100’
মিছন 100 সফলৰ বাবে সোমবাৰে যোৰহাটৰ আৱৰ্ত ভৱনত অনুষ্ঠিত এক দলীয় সভাত অংশগ্ৰহণ কৰে বিজেপিৰ কেইবাগৰাকীও দ্বিগজ নেতাই ৷ কংগ্ৰেছৰ দখলত থকা মৰিয়নী আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সমষ্টি তিতাবৰৰ পৰাই আৰম্ভ কৰা হ’ব মিছন 100 ৰ যাত্ৰা ৷
আৰম্ভ হ’ল বিজেপিৰ ‘মিছন 100’
উল্লেখ্য যে, কংগ্ৰেছৰ দখলত থকা মৰিয়নী আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সমষ্টি তিতাবৰৰ পৰাই আৰম্ভ কৰা হ’ব মিছন ১০০ ৰ যাত্ৰা ৷ ২০২১ ৰ বিধান সভা নিৰ্বাচনত নতুন প্ৰৰ্থী মনোনীত কৰাৰ কথা চিন্তা কৰা হোৱা নাই বুলি ব্যক্ত কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰনজিৎ দাসে ৷ আনহাতে, নাগৰিকত্ব সংশোধনী আন্দোলনত অংশগ্ৰহণ কৰা দল-সংগঠনৰ বৰ্তমান স্থিতিয়ে নিৰ্বাচনত বিশেষ প্ৰভাৱ বিস্তাৰ নকৰে বুলি মন্তব্য কৰে ৷
লগতে পঢ়ক-বিধায়ক দুৰ্গা ভূমিজৰ বাসগৃহ ঘোৰাও আদিবাসী ছাত্ৰ সন্থাৰ