টীয়ক, 22 ছেপ্তেম্বৰ: কৰ'ণাৰ ভয়াৱহতাৰ মাজতে টীয়কবাসীৰ লগতে সমগ্ৰ অসমৰ বাবে এক সু-খবৰ ৷ অতি ক্ষুদ্ৰ আকাৰত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰঙীন তৈলচিত্ৰ অংকন কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডচত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে টীয়কৰ এগৰাকী ছাত্ৰই ৷ 2 মিমি ×3 মিমি আকাৰত জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰঙীন তৈলচিত্ৰ অংকন কৰি এই অভিলেখ গঢ়িছে টীয়কৰ বিশ্বজ্যোতি শইকীয়া নামৰ ছাত্ৰজনে ৷ ছাত্ৰ গৰাকীৰ প্ৰতিভাক স্বীকৃতি প্ৰদান কৰি ইতিমধ্যে ই-মেইল যোগে বাৰ্তা প্ৰেৰণ কৰিছে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডচ কৰ্তৃপক্ষই ৷
"ইণ্ডিয়া বুক অৱ ৰেকৰ্ডচ"ত অন্তভুক্ত টীয়কৰ বিশ্বজ্যোতিৰ নাম
ছাত্ৰ গৰাকীৰ প্ৰতিভাক স্বীকৃতি প্ৰদান কৰি ইতিমধ্যে ই-মেইল যোগে বাৰ্তা প্ৰেৰণ কৰিছে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডচ কৰ্তৃপক্ষই ৷
এই খবৰ লাভ কৰাৰ পাছত স্বাভাৱিকতেই উৎফুল্লিত হৈ পৰিছে টীয়কৰ হলিফ্লাৱাৰ ছেকেণ্ডেৰী বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰ বিশ্বজ্যোতিৰ লগতে সমগ্ৰ টীয়কবাসী ৷ লগতে পুত্ৰৰ এই সফলতাত উৎফুলিত হৈ পৰিছে টীয়ক বাহ্মণ গাঁৱৰ নিবাসী তথা টীয়ক হাইস্কুলৰ শিক্ষক বিজয় শইকীয়া আৰু ফুনু ফুকন শইকীয়া৷ উল্লেখযোগ্য যে, সৰুৰে পৰাই চিত্ৰ শিল্পৰ প্ৰতি আকৰ্ষিত বিশ্বজ্যোতিৰ হাতৰ পৰশত ইতিমধ্যেই প্ৰাণ পাই উঠিছে ভুপেন হাজৰিকা, বিষ্ণুপ্ৰসাদ ৰাভা, সৰ্বপল্লী ৰাধাকৃষ্ণণ, চিত্ৰ শিল্পী নীলপৱন বৰুৱা, দিপালী বৰঠাকুৰকে ধৰি বহুজনৰ প্ৰতিচ্ছবি৷ বিশ্বজ্যোতিৰ আশা এদিন নিজ এই কৰ্মৰাজিৰৰে গ্ৰীনিজ বুক অৱ ৰেকৰ্ডচত নিজৰ নাম অন্তৰ্ভুক্ত কৰাৰ ৷
TAGGED:
"ইণ্ডিয়া বুক অৱ ৰেকৰ্ডচ"