যোৰহাট, 18 নৱেম্বৰ : আজি 50 টা বসন্তত ভৰি দিলে হাৰ্থথ্ৰব জুবিন গাৰ্গে (Happy Birthday Zubin Garg) ৷ যুৱপ্ৰজন্মৰ হাৰ্থথ্ৰবগৰাকীৰ 50 বছৰীয়া উপজা দিন উপলক্ষে যোৰহাটৰ দৃষ্টিহীন বিদ্যালয়ত গছ পুলি ৰোপন কৰে তেওঁৰ পত্নী তথা ডিজাইনাৰ শৰিমা শইকীয়া গাৰ্গে ৷ লগতে বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলৰ মাজত চকলেটো বিতৰণ কৰাৰ লগতে তেওঁলোকৰ সৈতে মত বিনিময় কৰে গৰিমা শইকীয়া গাৰ্গে ৷
জুবিন গাৰ্গে প্ৰকৃতিক ভাল পায় ৷ প্ৰকৃতিক উপভোগ কৰি ভাল পায় জুবিনে ৷ সেয়ে জুবিন গাৰ্গৰ 50 বছৰীয়া এই জন্মদিনতে জুবিন ফ্ৰেন ক্লাৱে হাতত লৈছে এক বিশেষ পদক্ষেপ হাতত লৈছে ৷ জুবিন ফ্ৰেন ক্লাৱৰ উদ্যোগতেই শুকুৰবাৰে যোৰহাটৰ দৃষ্টিহীন বিদ্যালয়ত ৰোপন কৰা হয় 50 টা গছৰ পুলি ৷
যোৰহাটৰ দৃষ্টিহীন বিদ্যালয়ত গছ পুলি ৰোপন লগতে প্ৰতিজোপা গছৰ পুলিক কণ্ঠশিল্পীগৰাকীৰ প্ৰতিটো এলবামৰ নামেৰে নামাংকৃত কৰা হয় ৷
লগতে পঢ়ক :Zubeen Garg Birthday: যোৰহাটৰ টানিয়া শৰ্মাই প্ৰস্তুত কৰিলে পঞ্চাশ পাউণ্ডৰ কেক
উল্লেখ্য যে, জুবিন ফ্ৰেন ক্লাৱৰ উদ্যোগত যোৰহাটত অতি উলহ-মালহেৰে উদযাপন কৰা হয় যুৱপ্ৰজন্মৰ হাৰ্থথ্ৰবগৰাকীৰ উপজা দিন ৷ পুৱা যোৰহাটত এক চাইকেল ৰেলীৰে যুৱপ্ৰজন্মৰ হাৰ্থথ্ৰবগৰাকীৰ উপজা দিনৰ কাৰ্যসূচী মুকলি কৰে জুবিন ফ্ৰেন ক্লাৱে ৷ তাৰ পাচতে জুবিন ফ্ৰেন ক্লাৱৰ দ্বাৰা 50 টা গছৰ পুলি ৰোপন কৰা হয় ৷
যোৰহাটৰ দৃষ্টিহীন বিদ্যালয়ত গছ পুলি ৰোপন এই কাৰ্যক্ৰমৰ অন্তত জুবিনৰ সহশিল্পীসকলে তেওঁৰ গীতত কণ্ঠদান কৰে ৷ জানিব পৰা মতে, শনিবাৰে প্ৰায় 10-11 বজাত পঞ্চাশ পাউণ্ডৰ এটা বিশেষ কেক কাটিব (50 pound cake prepared for zubeen) । এই কেকটো তৈয়াৰ কৰিবলৈ যোৰহাটৰ গড়মূৰ ইটাখুলিৰ টানিয়া শৰ্মাক প্ৰয়োজন হৈছিল মাত্ৰ দুটা দিনৰ ৷
উল্লেখ্য যে, যোৰহাটত ৰাজহুৱাকৈ আয়োজিত জুবিন গাৰ্গৰ এই উপজা দিনৰ অনুষ্ঠানতে ‘ৰাজনীতি’ ছবিখনৰ ট্ৰেইলাৰ মুকলি কৰা হয় ৷ লগতে এই অনুষ্ঠানতে হাৰ্থথ্ৰব জুবিন গাৰ্গে ড৹ বেজবৰুৱাৰ গীতো মুকলি কৰিব ৷ তথ্য অনুসৰি, দুপৰ নিশালৈকে যোৰহাটত চলিব জুবিন গাৰ্গৰ উপজা দিনৰ অনুষ্ঠান ৷
লগতে পঢ়ক :Zubeen Garg birthday: চাওঁ আহকচোন শিল্পী সমাজে কেনেদৰে শুভেচ্ছা যাচিছে অসমৰ হাৰ্টথ্ৰব গৰাকীক