যোৰহাট, ২৪ নৱেম্বৰ :আজি লাচিত দিৱস। অসমৰ ইতিহাসৰ বীৰ আৰু সাহসৰ তথা অসমীয়াৰ স্বাভিমানৰ প্ৰতীক লাচিত বৰফুকনৰ আজি জন্মবাৰ্ষিকী। অসম বুৰঞ্জীত মহানায়ক লাচিত বৰফুকনৰ আছে এক সোণালী আৰু গৌৰৱময় অধ্যায় ৷ আজিৰ এই পবিত্ৰ ক্ষণত ৰাজ্যজুৰি স্মৰণ কৰা হৈছে মহাবীৰগৰাকীক ।
শুক্ৰবাৰে লাচিত দিৱসত যোৰহাটত গৌৰৱময় অধ্যায়ৰ মহানায়ক লাচিত বৰফুকনক স্মৰণ কৰা হয় । প্ৰশাসনৰ বাধা স্বত্তেও নগৰৰ মাজেৰে শোভাযাত্ৰা উলিয়ালে বীৰ লাচিত সেনা অসমে । আজি অসমীয়া জাতিৰ স্বাভিমান, শোৰ্য-বীৰ্য্য আৰু অসম বুৰঞ্জীৰ সোণালী অধ্যায়ৰ মহানায়ক লাচিত বৰফুকনৰ আজি জন্ম জয়ন্তী অৰ্থাৎ লাচিত দিৱস সমগ্ৰ ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে আহোমৰ শেষ ৰাজধানী যোৰহাটতো বিভিন্ন কাৰ্যসূচী পালন কৰি মহান বীৰগৰাকীক স্মৰণ কৰা হয় ।
আজি মহাবীৰগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই দিনযোৰা কাৰ্যসূচীৰে যোৰহাটৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী প্ৰেক্ষাগৃহত বীৰ লাচিত সেনা, অসমে লাচিত দিৱস পালন কৰে । প্ৰথমতে লাচিত বৰফুকনৰ প্ৰতিচ্ছবিত বীৰ লাচিত সেনাৰ কৰ্মীসকলৰ লগতে ৰাইজে পুস্পাঞ্জলি অৰ্পণ কৰি । লাচিত সেনাৰ কৰ্মীসকলে তেওঁৰ দেশপ্ৰেম,ত্যাগক স্মৰণ কৰে । তেওঁলোকে লাচিত বৰফুকনৰ প্ৰতিচ্ছবিৰ ওচৰতে অসমীয়া জাতিৰ হকে কাম কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ।