টীয়ক,25 আগষ্ট:মটৰ চাইকেল চোৰৰ বিৰুদ্ধে তীব্ৰ অভিযান আৰম্ভ কৰিছে টীয়ক আৰক্ষীয়ে ৷যোৰহাট জিলাৰ টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত লাহদৈগড় আৰক্ষীয়ে সোমবাৰে এক গোপন সূত্ৰৰ পম খেদি এখন স্কুটি (এএছ 03 এছ 4562) আৰু এখন পালচাৰ (এএছ 03 এবি 3944)সহ পাঁচজনকৈ চোৰক কৰায়ত্ব কৰিবলৈ সক্ষম হয় ৷
আৰক্ষীৰ জালত মটৰ চাইকেল সহ পাঁচ চোৰ - লাহদৈগড় আৰক্ষী
যোৰহাট জিলাৰ টীয়কৰ লাহদৈগড়ত আৰক্ষীৰ জালত পৰিছে পাঁচজনকৈ মটৰ চাইকেল চোৰ ৷ লাহদৈগড় আৰক্ষীয়ে দুখনকৈ মটৰ চাইকেলসহ চোৰকেইটাক কৰায়ত্ত কৰে ৷

মটৰ চাইকেল সহ পাঁচ চোৰ ধৃত
মটৰ চাইকেল সহ পাঁচ চোৰ ধৃত
প্ৰাপ্ত তথ্য় অনুসৰি,টীয়কৰ দুই পৃথক স্থানৰ পৰা চুৰি হৈছিল উক্ত মটৰ চাইকেল দুখন ৷ ইয়াৰে ভিতৰত স্কুটিখন যোৰহাটৰ ম’হবন্ধাৰ পৰা উদ্ধাৰ কৰাৰ লগতে পালচাৰ মটৰ চাইকেলখন চেনিজান পহুগঁড়ৰ পৰা উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ লগতে এই ঘটনাত জড়িতৰ সন্দেহত আৰক্ষীয়ে যাদৱ শইকীয়া, পবিত্ৰ দাস, প্ৰশান্ত দাস, ৰোহন ভূঞা আৰু সত্য তাঁতী নামৰ পাঁচগৰাকী চোৰক কৰায়ত্ত কৰে ৷ পৰৱৰ্তী সময়ত এনে অভিযান অধিক কঠোৰ হোৱাৰ কথা ব্যক্ত কৰে আৰক্ষীয়ে ৷