যোৰহাট,28 অক্টোবৰ:যোৰহাটত তাই আহোম ছাত্ৰসন্থাৰ বৃহৎ বাইক ৰেলী ৷ তাই আহোমকে ধৰি অসমৰ ছয় জনগোষ্ঠীয় জনজাতিক মৰ্যাদা প্ৰদানকে ধৰি ঐতিহ্যমণ্ডিত কীৰ্তি চিহ্ন সমূহ সংৰক্ষণ কৰাৰ লগতে সৌন্দৰ্য বৰ্ধনৰ দাবীত তাই আহোম ছাত্ৰসন্থাৰ বাইক ৰেলী। চহৰৰ জয়াভৱনৰ পৰা মুকলি কৰা বাইক ৰেলীটোত অংশগ্ৰহণ কৰে কেইবাশতাধিক লোকে।
যোৰহাটত তাই আহোম ছাত্ৰসন্থাৰ বৃহৎ বাইক ৰেলী - তাই আহোম ছাত্ৰ সন্থা
চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে উত্তাল যোৰহাটৰ জয়াভৱন ৷ তাই আহোম ছাত্ৰসন্থাৰ বৃহৎ বাইক ৰেলী,কেইবাশতাধিক লোকৰ অংশগ্ৰহণ ৷
![যোৰহাটত তাই আহোম ছাত্ৰসন্থাৰ বৃহৎ বাইক ৰেলী bike rally by taiahom](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9340967-thumbnail-3x2-hgt.jpg)
যোৰহাটত তাই আহোম ছাত্ৰসন্থাৰ বৃহৎ বাইক ৰেলী
যোৰহাটত তাই আহোম ছাত্ৰসন্থাৰ বৃহৎ বাইক ৰেলী
জয়াভৱনৰ পৰা আৰম্ভ কৰি বাইক ৰেলীটোৱে যোৰহাট চহৰ হৈ যোৰহাটৰ কেইবাটাও অঞ্চল ভ্ৰমণ কৰে। অনাগত দিনত যদি তাই আহোম ছাত্ৰ সন্থাৰ দাবী চৰকাৰে মানি নলয় তেন্তে জংগী আন্দোলন গঢ়ি তোলাৰো হুংকাৰ নেতৃবৰ্গৰ। লগতে চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গান দি উত্তাল কৰি তোলে পৰিৱেশ।
লগতে পঢ়ক:নিৰ্বাচনী কুচ-কাৱাজত নামি পৰিছে ৰাজ্যিক বিজেপি সভাপতি ৰণজিৎ দাস