অসম

assam

ETV Bharat / state

ঢোলৰ গুমগুমনিত মুখৰিত মৰিয়নী

বিহুৰ ঐতিহ্য পৰম্পৰা কৃষ্টি অতীজৰ নিয়ম অনুসৰি চলাই নিবলৈ অতন্দ্ৰ প্ৰহৰীৰূপে কাম কৰি গৈছে এচাম সংস্কৃতিৱান লোকে । বিহু সুৰক্ষা সমিতিয়ে বিভিন্ন ধৰণে লক্ষ্য ৰাখিছে এই সমূহ বিষয়ৰ ওপৰত আৰু সজাগ কৰিছে ৰাইজক ।

By

Published : Apr 5, 2019, 11:19 PM IST

মৰিয়নীত অতন্দ্ৰ প্ৰহৰী বিহু সুৰক্ষা সমিতিৰ বিহুৰ আখৰা

যোৰহাট, 5 এপ্ৰিলঃ বিহু আহি নঙলা মুখত । ৰঙালীৰ উন্মাদনাক নিৰ্বাচনেও যেন ম্লান কৰিব পৰা নাই । অসমৰ চুকে কোনে বিহুৰ কৰ্মশালা, আখৰাত ব্যস্ত বিহুপ্ৰেমী । কিন্তু তাৰ মাজতে বিহুৰ ঐতিহ্য পৰম্পৰা কৃষ্টি অতীজৰ নিয়ম অনুসৰি চলাই নিবলৈ অতন্দ্ৰ প্ৰহৰীৰূপে কাম কৰি গৈছে এচাম সংস্কৃতিৱান লোকে । বিহু সুৰক্ষা সমিতিয়ে বিভিন্ন ধৰণে লক্ষ্য ৰাখিছে এই সমূহ বিষয়ৰ ওপৰত আৰু সজাগ কৰিছে ৰাইজক । বিহু সুৰক্ষা সমিতি অসম, তিতাবৰ জিলা সমিতিৰ অন্তৰ্গত বাহনী আঞ্চলিক সমিতিৰ উদ্যোগত তিনিদিনীয়া বিহুৰ আখৰা কাৰ্যসূচী অনুষ্ঠিত হয় । মৰিয়নীৰ জংগল ব্লক হাই স্কুলৰ খেলপথাৰত অনুষ্ঠিত কৰা এই বিহুৰ আখৰাত বহু কণ কণ কিশোৰ কিশোৰীৰ পৰা যুৱক যুৱতীয়ে অংশ গ্ৰহণ । এই বিহুৰ আখৰা মূল উদ্দেশ্য আছিল বিহুৰ লগত জড়িত পৰম্পৰা সংস্কৃতিৰ সৈতে উত্তৰ পুৰুষক চিনাকি কৰি দিয়া ।

মৰিয়নীত অতন্দ্ৰ প্ৰহৰী বিহু সুৰক্ষা সমিতিৰ বিহুৰ আখৰা
উক্ত অনুষ্ঠানত প্ৰশিক্ষণৰ ভাৰ গ্ৰহণ কৰে সমীৰ ৰঞ্জন শইকীয়া আৰু কৰৱী গগৈ দলে । সম্পাদক নগেন গগৈৰ পৰিচালনাত অনুষ্ঠিত বিহু আখৰা ভাগ উন্মোচন কৰে জ্যেষ্ঠ বিহুৱা হুঁচৰি দলে । পৰৱৰ্তী কাৰ্যসূচী হিচাপে পৰম্পৰাগত গুৰুসেৱা কাৰ্যসূচী অনুষ্ঠিত হয় । জ্যেষ্ঠ ১৫ জন বিহুৱাক আখৰা থলীত সম্বৰ্ধনা জনোৱা হয় । এই আখৰা থলীতেই একালৰ বিহুৰাণী কৰৱী গগৈ দলে পেঁপা বাদনৰ জৰিয়তে উপস্থিত লোকক মোহিত কৰে ।

ABOUT THE AUTHOR

...view details