অসম

assam

ETV Bharat / state

সত্ৰসমূহত ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি

মাজুলীৰ গাঁৱসমূহৰ লগতে ঐতিহাসিক সত্ৰসমূহত সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাগত ৰীতি-নীতিৰে বহাগ বিহু উদযাপনৰ ব্যাপক প্ৰস্তুতি দেখা গৈছে । ঢোল-পেঁপা-গগণা নহয়, খোল, তাল, নাগাৰা, ডবা, শংখ, বৰতালৰ শব্দৰে মুখৰিত হৈছে সত্ৰদ্বীপ মাজুলী । মাজুলীৰ ঐতিহাসিক ৩৫ খন সত্ৰত ধৰ্মীয় ৰীতি-নীতিৰে বিহু পালন কৰা হ’ব ।

By

Published : Apr 13, 2021, 7:44 PM IST

মাজুলীৰ সত্ৰ সমূহত ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি
মাজুলীৰ সত্ৰ সমূহত ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি

মাজুলী,13 এপ্ৰিল: ৰাজ্যজুৰি এতিয়া ৰঙালীৰ পাৰভগা উচাহ ৷ ঢোল-পেঁপা, গগণাৰ মাতত ৰজন-জনাইছে ৰাজ্যৰ আকাশ-বতাহ । ব্যতিক্ৰম নহয় মাজুলীও ৷ মাজুলীৰ গাঁৱসমূহৰ লগতে ঐতিহাসিক সত্ৰসমূহত সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাগত ৰীতি-নীতিৰে বহাগ বিহু উদযাপনৰ ব্যাপক প্ৰস্তুতি দেখা গৈছে ।

ঢোল-পেঁপা-গগণা নহয়, খোল, তাল, নাগাৰা, ডবা, শংখ, বৰতালৰ শব্দৰে মুখৰিত হৈছে সত্ৰ দ্বীপ মাজুলী । মাজুলীৰ ঐতিহাসিক ৩৫ খন সত্ৰত ধৰ্মীয় ৰীতি-নীতিৰে বিহু পালন কৰিব । ঐতিহাসিক উত্তৰ কমলাবাৰী নতুন কমলাবাৰী ভোগপুৰ সত্ৰ, আউনীআটী, দক্ষিণপাট সত্ৰত ৩ দিনীয়াকৈ ধৰ্মীয় পৰম্পৰাৰে পালন কৰা হ’ব ৰঙালী বিহু ।

মাজুলীৰ সত্ৰ সমূহত ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি

পুৱা নাম প্ৰসংগ, গায়ন-বায়ন, বিহাৰ নৃত্য কীৰ্তনীয়া, ওজাপালি পৰিৱেশন কৰিব । গুৰু সেৱা, নাম সেৱা, ভকত সেৱাৰ দৰে অনন্য পৰম্পৰাও পৰিলক্ষিত হয় সত্ৰসমূহত । আউনীআটী সত্ৰত সংকীৰ্তন, দিহা নাম, হিয়া নাম, ওজাপালি গায়ন-বায়ন, সমজুৱা নাম আদি দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব বিহু ।

সত্ৰসমূহত ৫০০ বছৰীয়া আধ্যাত্মিক পৰম্পৰা নিভাঁজ ৰূপত পৰিৱেশনৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি দেখা গৈছে । ভকতসকলে উড়ালত পিঠাগুৰি খুন্দি পিঠা তৈয়াৰত ব্যস্ত অতিথিক আপ্যায়নৰ বাবে । লাৰু, মিথৈ, মলাত থোৱা দৈ, উড়ালত খুন্দা চিৰা আৰু কোমৰ চাউলৰ জলপানে সত্ৰলৈ অহা অতিথি তথা শিষ্যসকলক আপ্যায়ন কৰিব ।

যদিও ৰঙালী বিহু তথাপিও, সত্ৰসমূহত ভোগৰ সামগ্ৰী সাজু কৰে অতিথিৰ বাবে । ৬ খন উদাসীন সত্ৰৰ বৈষ্ণৱসকল এতিয়া ব্যস্ত বিহুৰ বাবে । গৰু বিহুৰ দিনটোত গৰুক নোৱাই-ধুৱাই গো-সেৱা কৰাৰ পৰম্পৰাও সত্ৰ সমূহত আছে ।

লগতে পঢ়ক:কাইলৈ গৰু বিহু

ABOUT THE AUTHOR

...view details