ৰায়দাংজুৰিত ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি - বিহু নৃত্যৰ প্ৰশিক্ষণ
ৰাইদাংজুৰি জাতীয় বিদ্যালয় প্ৰাংগনত সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান কৰা হৈছে বিহু নৃত্যৰ প্ৰশিক্ষণ
![ৰায়দাংজুৰিত ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2987858-thumbnail-3x2-bihu-jpg.jpg)
ৰঙালীক আদৰাৰ প্ৰস্তুতি
যোৰহাট, 13 এপ্ৰিল : চেনেহৰ ৰঙালীলৈ মাজত মাথো এটা দিন ৷ ৰঙালীক আদৰিবলৈ সাজু প্ৰতিগৰাকী অসমীয়া । সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ নগাবাট ৰায়দাংজুৰিতো চলিছে ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি ৷ নগাবাটত বিহুৰ আখৰাত ব্যস্ত ডেকা-গাভৰুসকল ৷ ৰাইদাংজুৰি জাতীয় বিদ্যালয় প্ৰাংগনত সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান কৰা হৈছে বিহু নৃত্যৰ প্ৰশিক্ষণ । নৱ প্ৰজন্মৰ মাজত অসমীয়া কলা-সংস্কৃতি জীয়াই ৰখাৰ উদ্দেশ্যে গ্ৰহণ কৰা হৈছে এই পদক্ষেপ ৷
ৰঙালীক আদৰাৰ প্ৰস্তুতি