ৰঙালীক আদৰিবলৈ সাজু যোৰহাটৰ ডেকা-গাভৰু - etv bharat assam
প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোট গ্ৰহণ শেষ হোৱাৰ পাচতে যোৰহাটৰ গড়মূৰত যুৱক-যুৱতীৰ বিহুৰ প্ৰস্তুতি তুংগত । কিয়নো পৰম্পৰা ৰক্ষা কৰি গৰু বিহুৰ দিনাই গাৱৰ ঘৰে ঘৰে হুচৰি মাৰিব ডেকা গাভৰুসকলে
যোৰহাট, ১২ এপ্ৰিলঃ নঙলামুখ পালেহি হেপাঁহৰ ৰঙালী । কঁকালত টঙালি বান্ধি ৰঙালীক আদৰিবলৈ সাজু প্ৰতিজন অসমীয়া । সৰ্বত্ৰে এতিয়া ঢোলৰ গুমগুমণী । হেপাঁহৰ ৰঙালীক আদৰিবলৈ ব্যাপক প্ৰস্তুতি সমগ্ৰ ৰাজ্যজুৰি। গাৱে গাৱে নাচনী ঢুলীয়াৰ দিনে নিশাই বিহুৰ প্ৰস্তুতি। ব্যতিক্ৰম নহয় যোৰহাটৰ ডেকা-গাভৰু। প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোট গ্ৰহণ শেষ হোৱাৰ পাচতে যোৰহাটৰ গড়মূৰ যুৱক-যুৱতীৰ বিহুৰ প্ৰস্তুতি তুংগত । কিয়নো পৰম্পৰা ৰক্ষা কৰি গৰু বিহুৰ দিনাই গাৱৰ ঘৰে ঘৰে হুচৰি মাৰিব ডেকা গাভৰুসকলে ।