যোৰহাট, ৩১ মাৰ্চ :গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তিৰ লক্ষ্যৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰস্তুতি চলিছে । অভিলেখ গঢ়াৰ লক্ষ্যৰে অহা ১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামত ১০ হাজাৰৰো অধিক বিহুৱা-বিহুৱতীৰ অংশগ্রহণেৰে অনুষ্ঠিত হ'ব বিহু নৃত্যৰ অনুষ্ঠান (Guinness Book of World Records through Bihu) । ৰাজ্য চৰকাৰে বিশেষ তৎপৰতাৰে বিহুৱা-বিহুৱতীসকলক সাজু কৰি তুলিছে । ৰাজ্যৰ ভিন্ন প্ৰান্তত বিহুৰ আখৰাও চলিছে ।
ব্যতিক্ৰম নহয় যোৰহাট জিলাও । যোৰহাট জিলাৰ বিভিন্ন অঞ্চলৰ লগতে মৰিয়নিটো বিহুৰ আখৰা চলিছে । মৰিয়নি সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা ১৪০ গৰাকী বিহুৱতী আৰু ৬০ জন বিহুৱাই নকছাৰি মিনি ষ্টেডিয়াম খেলপথাৰত অব্যাহত ৰাখিছে বিহুৰ আখৰা । ১৪ এপ্ৰিল তাৰিখে সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া মূল অনুষ্ঠানত অংশগ্ৰহণ কৰিব এই সকল বিহুৱা-বিহুৱতীয়ে (Bihu Guinness Book of World Records)।
এই বিহুৰ আখৰাত নৃত্য শিল্পী তথা বিহুৰাণী,বৰদৈচিলা, অসম কুৱৰী, লতাশিলৰ বিহু কুঁৱৰী, বালিগঞা নাচনি উপাধি লাভ কৰা অসম বিহুৱতী প্ৰাঞ্জেলিকা হাজৰিকাই বিহুৱতীসকলক প্ৰশিক্ষণ দিছে । যোৱা ২৭ মাৰ্চৰ পৰা এই আখৰা চলি আছে মৰিয়নিত । ইফালে জিলা প্ৰশাসনৰ লোকসকলেও আখৰাত পূৰ্ণ সহযোগিতা আগবঢ়াইছে (Bihu workshop)।