যোৰহাট,21 এপ্ৰিলঃ বিভিন্ন জাতি-জনগোষ্ঠীৰ বিহুৰে মুখৰ স্বৰ্গদেউ চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰ ৷ বিহুৰ বাণিজ্যিকীৰণৰ বিৰুদ্ধে এক দৃঢ় পদক্ষেপ গ্ৰহণৰ লগতে বিহুৰ স্বকীয় বৈশিষ্ট্য তথা ঐতিহ্য-পৰম্পৰাক অক্ষুণ্ণ ৰখাৰ এক জনমত গঠনৰ লক্ষ্যৰে যোৰহাটৰ ম’হবন্ধাৰ স্বৰ্গদেউ চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰত 21 এপ্ৰিল দেওবাৰে পোন প্ৰথমবাৰৰ উদযাপন কৰে সাত বিহুৰ ৷
উদুলি-মুদুলি চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰ - সাত বিহু
চুকাফা সমন্বয় ক্ষেত্ৰত পোন প্ৰথমবাৰৰ সাত বিহু উদযাপন
উদুলি-মুদুলি চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰ
সমন্বয় ক্ষেত্ৰস্থলীত সকলো শ্ৰেণীৰ ৰাইজে মুগা বৰণৰ সাজপাৰ পৰিধান কৰি উদযাপন কৰে সাত বিহু ৷ বিহুত উপস্থিত ৰাইজক উদ্দেশ্যি টাই ভাষাতে বিহু সম্পৰ্কীয় চমু ভাষণ আগবঢ়াই থাইলেণ্ডৰ অধ্যাপক ভ্ৰট্ৰেৱাজ ফুৱাং ৱানছে ৷