অসম

assam

ETV Bharat / state

Chief minister special scheme: ১৮ টকা কেজিত বিক্ৰী হয় মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ চাইকেল - অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ

মুখ্য়মন্ত্ৰীৰ বিশেষ আঁচনিৰ চাইকেল এতিয়া ওলাইছে পেলনীয়া সামগ্ৰীৰ ঠেলাত ৷ চাইকেলৰ লগতে চাইকেলৰ কেইবাটাও অংশ উদ্ধাৰ কৰা হৈছে ঠেলাৰ পৰা ৷

Chief minister special scheme
১৮ টকা কেজিত বিক্ৰী হয় মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ চাইকেল

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 8:02 PM IST

১৮ টকা কেজিত বিক্ৰী হয় মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ চাইকেল

যোৰহাট, 10 নৱেম্বৰ :ৰাজ্যজুৰি 2023-24 বিত্তীয় বৰ্ষত মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বিনামূলীয়াকৈ চাইকেল বিতৰণ কাৰ্যসূচী অনুষ্ঠিত কৰি আহিছে ৷ ইয়াৰ মাজতে এতিয়া ডেম্পত ওলাইছে মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনি চাইকেল ৷ ক'লা বজাৰত 18 টকা কেজিত বিক্ৰী হৈছে এই বিশেষ আঁচনিৰ চাইকেল ৷

ঘটনাৰ বিৱৰণী অনুসৰি, যোৰহাট জিলাৰ তিতাবৰত এটা স্ক্ৰেপ তথা ডেম্পলৈ নি থকা অৱস্থাত ঠেলাৰ পৰা জব্দ কৰা হয় মুখ্যমন্ত্ৰী বিশেষ আঁচনিৰ চাইকেল । তিতাবৰৰ মিহিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ভঙা-ছিঙা বস্তু ক্ৰয় কৰাৰ জয়নাল আবেদিনে চফিকুল শ্বেখৰ অধীনত থকা ডেম্পলৈ লৈ গৈছিল চাইকেলসমূহ ।

শুকুৰবাৰে দুটা জাতীয় সংগঠনৰ তৎপৰতাত ঠেলাৰ পৰা উদ্ধাৰ কৰা হয় এই বৃহৎ পৰিমাণৰ সামগ্ৰী আৰু চাইকেল ৷ ইয়াৰ পিচতে অঞ্চলটোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু বীৰ লাচিত সেনা অসমে চলোৱা অভিযানত জব্দ কৰা হয় এই সামগ্ৰীসমূহ ।

এই ঘটনাৰ পিচতে সংগঠনদ্বয়ৰ নেতাই কয় যে, এই ঘটনা মাথোঁ উদাহৰণহে ৷ এনেকুৱা অনুৰূপ ঘটনা হয়তো আৰু সংঘটিত হৈ আছে ৷ ঠেলাখনৰ পৰা চাইকেলৰ লগতে চাইকেলৰ কেইবাটাও অংশ উদ্ধাৰ কৰা হৈছে ৷ এই ঘটনাই প্ৰমাণ কৰে যে চৰকাৰী আঁচনিৰ যিমান চাইকেল আৱণ্টন হৈছে তাৰে বহু অংশ এনেদৰে মুকলি বজাৰলৈ গৈ আছে ৷ এনেদৰে ছাত্ৰ-ছাত্ৰী মুখৰ পৰা চাইকেল কাঢ়ি নি ক’লা বজাৰত বিক্ৰী কৰাসকলৰ বিৰুদ্ধে প্ৰশাসনক উচিত তদন্ত দাবী কৰি দোষীক শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু বীৰ লাচিত সেনা অসমৰ নেতাসকলে ৷

লগতে পঢ়ক:Blank fire in Dhemaji : বেটাৰী প্ৰদান নকৰাৰ বাবেই ব্যৱসায়ীৰ শূণ্যলৈ গুলীচালনা

ABOUT THE AUTHOR

...view details