অসম

assam

By

Published : Oct 9, 2020, 2:30 PM IST

ETV Bharat / state

চি চি টিভি ফুটেজেই কাল হ'ল চাইকেল চোৰৰ বাবে

বেংকৰ চি চি টিভি ফুটেজ কাল হৈ ধৰা দিলে চোৰৰ বাবে ৷ চাইকেল চুৰি কৰি টীয়ক আৰক্ষীৰ হাতত আটক চোৰ ৷ ভিৰৰ সুযোগ লৈ চোৰে চলাই আহিছিল দুস্কাৰ্য ৷ ধৃত চোৰটোৰ নাম ৰাম মাদ্গি ৷

চি চি টিভি ফুটেজেই কাল হ'ল চাইকেল চোৰৰ বাবে
চি চি টিভি ফুটেজেই কাল হ'ল চাইকেল চোৰৰ বাবে

টীয়ক, 9 অক্টোবৰ: চাইকেল চোৰ কৰি টীয়ক আৰক্ষীৰ হাতত আটক হ'ল ভিৰৰ সুবিধা বুজি চোৰ কৰিবলৈ অহা এটা চোৰ ৷ টীয়কৰ চেলেংহাট তিনিআলিস্থিত ভাৰতীয় ষ্টেট বেংক শাখাৰ সন্মুখৰ পৰা দীৰ্ঘদিন ধৰি এটা চক্ৰই চুৰি কাণ্ড সংঘটিত কৰি আহিছিল ৷ বিগত শনিবাৰে এজন গ্ৰাহক বেংকলৈ আহি নিৰ্দিষ্ট কাম হোৱাৰ পাছত চাইকেল খন নেদেখি বেংক কৰ্তৃপক্ষক অৱগত কৰাৰ পাছতে বেংকৰ চি চি টিভি ফুটেজত ঘটনাৰ সমগ্ৰ ৰহস্য উদঘাটন হয় ৷ ইয়াৰ পাছতে গ্ৰাহক জনে টীয়ক আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে ৷

টীয়ক আৰক্ষীৰ হাতত আটক চাইকেল চোৰ

উল্লেখযোগ্য যে আজিও ৰাইজৰ সমাগমৰ সুবিধা লৈ চেগ বুজি এজন ব্যক্তিয়ে চাইকেল চোৰ কৰিবলৈ লওঁতেই হাতে লোতে ৰাইজে ধৰি আৰক্ষীক চমজাই দিছে। ধৃত ব্যক্তিজনৰ নাম ৰাম মাদ্গি বুলি জানিব পৰা গৈছে ৷ অভিযুক্ত ব্যক্তিজনৰ ঘৰ আমগুৰিৰ বৰবাম বাগানত বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে ইতিমধ্যে অভিযুক্তক সোধ পোছ আৰম্ভ কৰিছে।
লগতে পঢ়ক:আমগুৰিত শোকাৱহ পথ দুঘটনা: নিহত এগৰাকী

ABOUT THE AUTHOR

...view details