অসম

assam

ETV Bharat / state

স্বাধীনতা দিৱসৰ পুৱা টীয়কত ক'ভিড-19 আৰু স্বাস্থ্য সজাগতা চাইকেল ৰেলী - প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্তক বঁটা প্ৰদান

টীয়কত স্বাধীনতা দিৱসৰ পুৱা কভিড-১৯ আৰু স্বাস্থ্য সজাগতা চাইকেল ৰেলী ৷ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্তক বঁটা প্ৰদানৰ লগতে সকলো অংশগ্ৰহণকাৰীকে প্ৰদান কৰা হয় মানপত্ৰ ৷

Bicycle rally at Teok
টীয়কত চাইকেল ৰেলী

By

Published : Aug 15, 2020, 10:54 AM IST

টীয়ক, 15 আগষ্ট :বিশ্ব আতংক ক'ভিড-19 আৰু স্বাস্থ্য সজাগতাৰ অৰ্থে টীয়কৰ মৰ্ণিং ৰাইডাৰ্চ নামৰ ক্ৰীড়া সংগঠনটোৱে 74 সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি টীয়কৰ পুৰণা বেংক তিনিআলিৰ পৰা জাঁজী দলঙলৈকে এক চাইকেল ৰেলী আয়োজন কৰে । জিলাখনৰ বিভিন্ন প্ৰান্তৰ চৰকাৰী নিৰ্দেশনা মানি 30 জন খেলুৱৈয়ে অংশগ্ৰহণ কৰা এই ৰেলীত চাইকেল চলোৱাৰ প্ৰতি নৱ প্ৰজন্মক অধিক আকৰ্ষণ কৰিবৰ বাবে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্ত তিনিওগৰাকী উদীয়মান খেলুৱৈক নগদ ধন, মেডেল সহ মানপত্ৰৰে উৎসাহিত কৰা হয় আৰু অংশগ্ৰহণকাৰী সকলোকো মানপত্ৰ প্ৰদান কৰে ।

স্বাধীনতা দিৱসৰ পুৱা টীয়কত ক'ভিড-19 আৰু স্বাস্থ্য সজাগতা চাইকেল ৰেলী

পুৱা 5 বজাত আৰম্ভ কৰা এই ৰেলীত ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক শৰীৰ চৰ্চাবিদ তুষাৰ পালে ফ্লেগ তুলি শুভ উদ্বোধন কৰে । লগতে এনে কাৰ্যসূচীয়ে ভবিষ্যত প্ৰজন্মক সু-স্বাস্থ্য অধিকাৰী কৰিব তুলিব বুলি আশা কৰিছে উদ্যোক্তা মণ্ডলীয়ে ।
লগতে পঢ়ক :নগাঁও আৰু নলবাৰীত সীমিত কাৰ্যসূচীৰে পালন স্বাধীনতা দিৱস

ABOUT THE AUTHOR

...view details