যোৰহাট, 9 ছেপ্টেম্বৰ :‘‘সময় আৰু পৰিস্থিতি সাপেক্ষে চৰকাৰে সংশোধনী অনাটো ডাঙৰ কথা নহয় ৷ কিন্তু এতিয়ালৈকে বিধান সভা হোৱা নাই, প্ৰস্তাৱ উপস্থাপন হোৱাই নাই ৷ এতিয়াই মুখ্যমন্ত্ৰীয়ে আইন হ’ল বুলি ঘোষণা কৰাটো একনায়কত্ববাদ নহ’ল নে ? তেখেতে ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন ৰাজনৈতিক মুক্ত কৰিব বিচৰা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই খোদ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক ৰাজনৈতিকভাৱে নিযুক্তি প্ৰদান কৰিছে’’ ৷ সংবাদ মাধ্যমৰ আগত এই বিস্ফোৰক মন্তব্য প্ৰদান কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ।
প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই কয়, ‘‘অসমত গুণী জ্ঞানী ব্যক্তিৰ অভাৱ হোৱা নাই ৷ কিন্তু মুখ্যমন্ত্ৰীয়ে অসম গুণী জ্ঞানী সমাজক উপহাস কৰি পাঁচজনকৈ উপাচাৰ্যক ৰাজনৈতিকভাৱে নিযুক্তি দি একনায়কত্ববাদ শাসন চলোৱা পৰিচয় দাঙি ধৰিলে । মুখ্যমন্ত্ৰীয়ে এই প্ৰথাৰ জৰিয়তে এয়াই প্ৰমাণ কৰিব বিচাৰিছে যে অসমত উপাচাৰ্য হ’ব পৰা উপযুক্ত ব্যক্তি অভাৱ ঘটিছে’’ ।
‘‘আনহাতে, বিধান সভাত আলোচনা নোহোৱাকৈ মুখ্যমন্ত্ৰীয়ে এখন আইন প্ৰণয়ন কৰিবলৈ খোজা কথাটো হাস্যকৰ আৰু এয়া একনায়কত্ববাদ বাহিৰে একো হ’ব নোৱাৰে ৷ এখন আইন প্ৰণয়নৰ বাবে সুস্থ আলোচনা আৰু বিৰোধীৰ আস্থা লোৱাটো নিতান্তই প্ৰয়োজন ৷’’ সংবাদ মাধ্যমৰ আগত এনেদৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰে ভূপেন বৰাই ।