যোৰহাট, ৫ নৱেম্বৰ:একাদশ সংখ্যক মৃত্যু বাৰ্ষিকীত জাতিয়ে স্মৰণ কৰিলে জাতিৰ স্বাভিমান ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকাক (11th death anniversary of Bhupen Hazarika)। আজি অসমীয়াৰ স্বাভিমান ড৹ ভূপেন হাজৰিকাৰ ১১ সংখ্যক মৃত্যু বাৰ্ষিকী । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাটতো এই দিৱস পালন কৰা হয় ।
ভোগদৈ নদীৰ পাৰত সুধাকন্ঠৰ প্ৰতিমূৰ্তি উন্মোচন সুধাকন্ঠ ড৹ভূপেন হাজৰিকাৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি নিৰ্মাণ সমিতিৰ উদ্যোগত আৰু আনন্দ নগৰ উন্নয়ন সমিতিৰ সহযোগত আজি যোৰহাট নগৰৰ প্ৰৱেশদ্বাৰ স্বৰূপ ভোগদৈ দলঙৰ কাষত বিশ্ববৰেণ্য শিল্পীগৰাকীৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি উন্মোচন কৰা হয় (statue of Bhupen Hazarika Unveiling at Jorhat) ৷
২০১৫ চনতে আধাৰশিলা স্থাপন কৰা ১৭ ফুট উচ্চতাৰ প্লেটফৰ্ম আৰু ৯ ফুট উচ্চতাৰ পূৰ্ণাংগ প্ৰতিমূৰ্তিটো শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড৹ পীতাম্বৰ দেৱ গোস্বামীয়ে উন্মোচন কৰে ৷ ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকাৰ ভোগদৈ নদীপাৰত প্ৰতিমূৰ্তি উন্মোচন কৰি আউনিআটি সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীয়ে কয় যে তেওঁ জাতি, মাটি আৰু প্ৰকৃতি আৰু চৰাই চিৰিকটিৰ প্ৰতি গীত গাইছিল । গীতৰ জৰিয়তে অসমৰ নাম বিশ্বদৰবাৰত জিলিকাই তুলিছিল ।
উক্ত অনুষ্ঠানত প্ৰাক্তন বিধায়ক তথা নিৰ্মাণ সমিতিৰ সভাপতিৰ দায়িত্বত থকা ৰাণা গোস্বামীৰ লগতে যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মন, সমাজকৰ্মী তথা প্ৰাক্তন বিধায়ক হেমন্ত কলিতা, অসম ঔদ্যোগিক আন্ত:গাঁথনি উন্নয়ন নিগমৰ অধ্যক্ষ শান্তনু পূজাৰী বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ৷ প্ৰতিমূৰ্তি নিৰ্মাণ সমিতিৰ সম্পাদক বিজয় শংকৰ বৰদলৈয়ে কয় যে বিভিন্ন ঘাত-প্ৰতিঘাট তথা উদ্যোক্তাসকলৰ অহোপুৰুষাৰ্থ প্ৰচেষ্টাৰ ফলত বিশ্ববৰেণ্য শিল্পীগৰাকীক তেওঁৰ মৃত্যু বাৰ্ষিকীত উন্মোচনেৰে শ্ৰদ্ধাঞ্জলি জনোৱা হয় । যোৰহাটৰ ভাস্কৰ্য্য শিল্পী ড৹ ৰণজিত কুমাৰ বৰুৱাই এই প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰিছে ৷
উল্লেখ্য যে সুধাকণ্ঠগৰাকীৰ মৃত্যু দিৱসত ৰাজ্যৰ ভিন্ন প্ৰান্তত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় । সমান্তৰালকৈ বিভিন্ন স্থানত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে । গুৱাহাটীৰ জালুকবাৰীস্থিত সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰত দিনজোৰা কাৰ্যসূচীৰে শ্ৰদ্ধাঞ্জলিৰ লগতে বিভিন্ন কাৰ্যসূচীৰো আয়োজন কৰা হয়।
লগতে পঢ়ক:Bhupen Hazarika death anniversary: সুধাকণ্ঠৰ মৃত্যু বাৰ্ষিকীত চৰকাৰলৈ কেতবোৰ প্ৰশ্ন আছুৰ