যোৰহাট, 25 আগষ্ট : উপ-নিৰ্বাচনৰ মন্ত্ৰণা লৈ বুধবাৰে মৰিয়নী সমষ্টিত উপস্থিত হ'ল অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ৷ এই উপলক্ষে আয়োজন কৰা এখন সভাত ভূপেন বৰাই কয়, বিশ্বাসঘাতকতাৰ উচিত প্ৰত্যুত্তৰ দিব মৰিয়নীবাসীয়ে ৷ মৰিয়নীৰ উপ-নিৰ্বাচনতে স্পষ্ট হ'ব অসমৰ ৰাজনীতিৰ ভৱিষ্যৎ ৷
মৰিয়নীবাসীয়ে আহি থকা সময়ত এটা বাৰ্তা দিব লাগিব যে, অসমৰ ভৱিষ্যতৰ ৰাজনীতি কেনেকুৱা হ'ব লাগে ৷ নীতিক লৈ ৰাজনীতি হ'ব, আঞ্চলিকতাবাদ, জাতীয়তাবাদ, ৰাষ্ট্ৰীয়তাবাদ, ধৰ্ম নিৰপেক্ষতাবাদৰ ৰাজনীতি হ'ব নে সুবিধাবাদৰ ৰাজনীতি হ'ব ৷ আগন্তুক সময়ত এই কথাৰ স্পষ্টতা মৰিয়নীবাসীয়ে দিব ৷ সাংবাদিকৰ আগত এইদৰে মন্তব্য প্ৰকাশ কৰে ভূপেন বৰাই ৷
লগতে পঢ়ক:উপ-নিৰ্বাচন: সুশান্ত বৰগোহাঁইৰ বিৰুদ্ধে থাওৰাত যুদ্ধ ঘোষণা ভূপেন বৰাৰ
বৰাই লগতে কয়, ক্ষমতা কেন্দ্ৰিক, ব্যক্তিৰ স্বাৰ্থ আৰু ধনসৰ্বস্ব ৰাজনীতিক বিশ্বাস কৰা মানুহক যদি ৰাইজে বিজয় মালা পিন্ধাই তেন্তে ইয়াৰ পৰাই অসমৰ ৰাজনীতিৰ এক অপসংস্কৃতি সৃষ্টি হ'ব ৷ গতিকে মৰিয়নীবাসীয়ে এনেধৰণৰ সকলো কথা চিন্তা কৰি সিদ্ধান্ত গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে ভূপেন বৰাই ৷