যোৰহাট, 17 জানুৱাৰী:'ভোগদৈপৰীয়া কবিকণ্ঠ'ই 2023 বৰ্ষৰ 'ভোগদৈপৰীয়া সাহিত্য বঁটা' প্ৰদান কৰে কবি-নাট্যকাৰ ড০ অখিল চক্রৱর্তীক ৷ অসম সাহিত্য সভাৰ কেন্দ্রীয় কার্যালয় দানবীৰ ৰাধাকান্ত সন্দিকৈ ভৱনত অনুষ্ঠিত কৰা এক অনুষ্ঠানত এই বঁটা চক্রৱর্তীলৈ প্ৰদান কৰা হয় ৷ বঁটা প্ৰদান কৰে অসম সাহিত্য সভাৰ প্রাক্তন প্রধান সম্পাদক, অভিধান প্রণেতা ড০ বসন্ত কুমাৰ গোস্বামীয়ে । "ভোগদৈ পাৰত জন্মগ্ৰহণ কৰাৰ বাবে ভোগদৈ নামটোৰ প্রতি মোৰ এক বিশেষ আকর্ষণ আছে । সেয়ে 'ভোগদৈপৰীয়া সাহিত্য বঁটা-2023ৰ বাবে মোক নির্বাচন কৰাৰ বাবে মই পুলকিত হৈ পৰিছোঁ । লগতে এই বঁটা গ্ৰহণ কৰি মই এক বিশেষ আনন্দ লাভ কৰিছোঁ "- বঁটা গ্ৰহণ কৰি এইদৰে মনৰ ভাব ব্যক্ত কৰে ড০ অখিল চক্রৱর্তীয়ে ৷
'ভোগদৈপৰীয়া কবিকণ্ঠ'ই লাৱণ্য দত্ত হাজৰিকা আৰু বোধেশ্বৰ হাজৰিকাৰ স্মৃতিত আগবঢ়াইছে এই বৰ্ষৰ 'ভোগদৈপৰীয়া সাহিত্য বঁটা ৷ অসম নাট্য সন্মিলনৰ প্রাক্তন সম্পাদক (1984-90), প্রাক্তন সভাপতি (2009-10) আছিল বিশিষ্ট নাট্যকাৰ-পৰিচালক, কবি-গল্পকাৰ-ঔপন্যাসিক ড০ অখিল চক্রৱর্তী । এই বঁটাটিত আছে নগদ পাঁচ হাজাৰ টকা, এটি স্মাৰক, চেলেং, গামোচা, সঁফুৰা, ফুলাম জাপি, গ্ৰন্থৰ টোপোলাসহ এখন সম্বর্ধনা পত্র । বঁটা প্রদান কৰি অসম সাহিত্য সভাৰ প্রাক্তন প্রধান সম্পাদক, অভিধান প্রণেতা ড০ বসন্ত কুমাৰ গোস্বামীয়ে কয়, "এনে বঁটাৰ বিশেষ মর্যাদা আছে । কাৰণ এই বঁটাটিৰ বাবে উদ্যোক্তাই আবেদন বিচৰা নাছিল বা এই বঁটা লাভৰ বাবে টকা-পইচা খৰচ কৰিব লগাও হোৱা নাই । এনে বঁটাই লওঁতা আৰু দিওঁতা দুয়োৰে মান বৃদ্ধি কৰে ।"