যোৰহাট,১৭ ফেব্ৰুৱাৰী :যোৰহাটত ফুটবল খেলাত ব্যস্ত তাৰকা ফুটবলাৰ তথা ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক বাইচুং ভূটীয়া (Bhaichung Bhutia at Jorhat)। ফুটবল খেলত তাৰকাগৰাকীয়ে এটা গ'ল কৰিও দৰ্শকক আপ্লুত কৰিলে । তাৰকা ফুটবলাৰৰ ভৰিৰ যাদু চাবলৈ যোৰহাটত দৰ্শকৰ ভিৰ । যোৰহাটৰ মহবন্ধাস্থিত কাজিৰঙা বিশ্ববিদ্যালয়ত আয়োজিত এক প্ৰীতি ফুটবল মেচত অংশ ল'লে ফুটবলাৰগৰাকীয়ে (Bhaichung Bhutia at Kaziranga University)। ফুটবলাৰগৰাকীক এনেদৰে ওচৰত পায় উৎফুল্লিত প্ৰতিষ্ঠানখনৰ শিক্ষাৰ্থীসকল ।
অনুষ্ঠানত অংশ লৈ ফুটবলাৰগৰাকীয়ে কয় যে ফুটবল বিশ্বকাপত ভাৰতে খেলিবলৈ বহু কষ্ট স্বীকাৰ কৰিব লাগিব । কাজিৰঙা বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সৈতে বিভিন্ন ধৰণৰ বিষয়ক লৈ মত বিনিময় কৰে খেলুৱৈগৰাকীয়ে । জনপ্ৰিয় ফুটবল খেলুৱৈ বাইচুং ভূটীয়াক নিচেই কাষতে পাই ফুটবলৰ ভৱিষ্যত আৰু সম্ভৱনা সম্পৰ্কে শিক্ষাৰ্থীসকলে প্ৰশ্ন কৰে আৰু অতি বহলভাৱে প্ৰশ্নসমূহৰ উত্তৰ দিয়ে ফুটবলাৰ বাইচুং ভূটীয়াই (Bhaichung Bhutia on football career)।
সাংবাদিকৰে সৈতে মত বিনিময় কৰি ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক বাইচুং ভূটীয়াই কয় যে, উত্তৰ-পূৱৰ খেলুৱৈসকল বহু প্ৰতিভা আৰু সম্ভাৱনাপূৰ্ণ । তেওঁ উল্লেখ কৰা মতে উত্তৰ-পূৰ্বাঞ্চলৰ খেলুৱৈসকল বিভিন্ন আগশাৰীৰ প্ৰিমিয়াৰ লীগত দপদাই আছে । অৱশ্যে বৰ্তমান সময়ত ফুটবল খেলক উচ্চ স্তৰলৈ লৈ যাবলৈ হ'লে উন্নত মানৰ প্ৰশিক্ষণ আৰু অনন্য ক্ৰীড়া শৈলীৰ প্ৰয়োজন বুলি তেওঁ উল্লেখ কৰে ।