টীয়ক,31 জানুৱাৰী : যি সময়ত ৰাজ্যৰ উঠি অহা চামৰ মাজত কৰ্মসংস্থাপনৰ অভাৱে কিছু হতাশা কঢ়িয়াইছে, সেই সময়তে যোৰহাট জিলাৰ টীয়কৰ এজন লোকৰ এক প্ৰচেষ্টাই আশাৰ বতৰা কঢ়িয়াই আনিছে নিবনুৱা চামলৈ ৷ মৌপালনেৰে যে মানুহ স্বাৱলম্বী হ’ব পাৰি আৰু নিজ পৰিয়াললৈ আৰ্থিক দৈন্যতা কিছু পৰিমাণে হ’লেও দূৰ কৰিব পাৰি, এই কথা বহু সময়তে ভবা নহয় ৷
কিন্তু টীয়কৰ পিড়াকটা বাইলুং গাঁৱৰ প্ৰদীপ ফুকন নামৰ লোকজনে নিজৰ শ্ৰমেৰে নিজ বাসগৃহতে প্ৰায় 100টা বাহত মৌ-মাখিৰ প্ৰতিপালন কৰিছে ৷ অসম চৰকাৰৰ কৃষি বিভাগৰ কোনো আঁচনিয়ে ঢুকি নোপোৱা এইজন চহা কৃষকে নিজৰ সাঁচতীয়া ধনেৰে বহু কষ্টৰে মৌপালন কৰি আছে ৷