যোৰহাট, 3 মাৰ্চঃবাউলী গাভৰুৰ আঁচল উৰুৱাই পিলিঙা ডেকাৰ মন উৰুঙা কৰা এইয়া ফাগুনৰ বতৰ ৷ চঞ্চলা ফাগুন,উন্মনা ফাগুন ৷ শিমলু,মদাৰ,পলাশৰ ৰঙেৰে ৰাঙলী ফাগুন ৷ কোনোৱে ফাগুনক বদনামী ক'ব খুজিলেও আন কোনোৱে আকৌ ফাগুনৰ বুকুত বিচাৰি পায় সৃষ্টিৰ সোপান ৷
সৰাপাতে যেনেকৈ ধূলিৰ আখৰেৰে সোঁৱৰণীৰ পৃষ্ঠা লিখে,ঠিক তেনেকৈ লঠঙা বিৰিখৰ ডাল পাতে দিয়ে নতুনৰ আগমনৰ বতৰা ৷ ফাগুনৰ ৰং লাগি ৰাঙলী হয় ছাঁই বৰণীয়া আকাশ ৷