অসম

assam

By

Published : Jul 13, 2023, 9:02 PM IST

ETV Bharat / state

Bapuji Stadium Controversy : মৰিয়নিৰ বাপুজী ষ্টেডিয়াম নিৰ্মাণকাৰ্য বন্ধ হোৱাৰ ৰহস্য কি

কিয় বন্ধ হৈ পৰিল মৰিয়নিৰ বাপুজী ষ্টেডিয়ামৰ কাম । কাম বন্ধ হোৱা সম্পৰ্কে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কিয় মুখ্যমন্ত্ৰীক অৱগত কৰা নাছিল ।

Bapuji Stadium Controversy
Bapuji Stadium Controversy

মৰিয়নিৰ বাপুজী ষ্টেডিয়ামৰ নিৰ্মাণকাৰ্য বন্ধ

যোৰহাট, ১৩ জুলাই :চৰকাৰে প্ৰায় দহ কোটি টকা ব্যয়সাপেক্ষে মৰিয়নিত নিৰ্মাণ কৰিবলৈ লোৱা ষ্টেডিয়াম প্ৰকল্পৰ কাম বন্ধ কৰি দিছে ভাৰতীয় সেনা বাহিনীৰ বিষয়াই । পূৰ্বৰে পৰা থকা এই ষ্টেডিয়ামৰ মাটিখিনি সেনাবাহিনীৰ বুলি দাবী কৰাৰ পিছত বৰ্তমান ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । মৰিয়নিত ১০ কোটি টকাৰে নিৰ্মাণ হৈ থকা বাপুজী মিনি ষ্টেডিয়ামৰ নিৰ্মাণকাৰ্যত বাধা প্ৰদান কৰিছে ভাৰতীয় সেনাবাহিনীয়ে । ষ্টেডিয়ামখনৰ ২৫ বিঘা ভূমি সেনাবাহিনীৰ বুলি দাবী কৰা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

উল্লেখ্য, সেনাবাহিনীৰ বাধাৰ বাবেই তিনিমাহ ধৰি মিনি ষ্টেডিয়ামখনৰ নিৰ্মাণকাৰ্য বন্ধ হৈ আছে । এই ঘটনাই মৰিয়নিত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । ভাৰতীয় সেনাবাহিনীৰ উচ্চপদস্থ বিষয়াৰ দল মৰিয়নিত উপস্থিত হৈ নিৰ্মাণকাৰ্য বন্ধ কৰিবলৈ জাননী দিয়াৰ পিছত তিনিমাহ ধৰি এনেদৰে বন্ধ হৈ আছে ষ্টেডিয়ামৰ নিৰ্মাণকাৰ্য । উল্লেখ্য যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে 'বিকাশৰ বাবে এটা পষেক' কাৰ্যসূচীৰ অধীনত যোৰহাট জিলালৈ অন্য প্ৰকল্পৰ লগতে মৰিয়নিৰ বাপুজী মিনি ষ্টেডিয়াম নিৰ্মাণৰ প্ৰকল্পত অনুমোদন জনাইছিল ।

কিন্তু বিগত তিনি-চাৰিমাহে ষ্টেডিয়ামৰ নিৰ্মাণকাৰ্য বন্ধ হৈ থকাৰ পাছতো দীৰ্ঘকাল ধৰি মৰিয়নি ক্ৰীড়া সন্থাৰ সভাপতি হৈ থকা বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ নীৰৱ-নিৰ্বিকাৰ ভূমিকাক লৈ ৰাইজৰ মাজত প্ৰশ্নৰ সৃষ্টি হৈছে । যোৰহাটলৈ উন্নয়নমূলক কামসমূহৰ অগ্ৰগতিৰ বুজ ল'বলৈ অহা মুখ্যমন্ত্ৰীগৰাকীক সাংবাদিকে এই সন্দৰ্ভত অৱগত কৰাত বিবুধিত পৰে । কাৰণ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে মুখ্যমন্ত্ৰীক জনোৱা নাছিল এই কথা । জানিব পৰা মতে, ১৯৫৫-৫৬ চনত বৰ্তমানৰ ষ্টেডিয়ামখনৰ ভূমিত সেনাবাহিনীৰ এটা শিবিৰ আছিল । ৪-৫ বছৰৰ পিছত তাৰ পৰা উঠি যায় উক্ত শিবিৰটো ।

আনহাতে, ১৯৭৬ চনত উক্ত ভূমিত বাপুজী মিনি ষ্টেডিয়াম স্থাপন কৰা হৈছিল । উল্লেখ্য যে পূৰ্বে মিনি ষ্টেডিয়ামখনৰ আন্তঃগাঁথনি নিৰ্মাণৰ সময়ত ভূমিকেন্দ্ৰিক কোনো প্ৰসংগ উত্থাপন নোহোৱাৰ বিপৰীতে শেহতীয়া নিৰ্মাণকাৰ্যত কিয় ভাৰতীয় সেনাই বাধা দিছে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে । সেনাবাহিনীৰ সৈতে ভূমিকেন্দ্ৰিক বিষয়টো সমাধান কৰি মৰিয়নিৰ ষ্টেডিয়াম প্ৰকল্পৰ নিৰ্মাণকাৰ্য শীঘ্ৰে আগবঢ়াই নিয়াৰ ব্যৱস্থা কৰিবলৈ ৰাইজে আহ্বান জনাইছে ।

লগতে পঢ়ক :Goalpara Sal Trees Issue : সাময়িকভাৱে বন্ধৰ নিৰ্দেশ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ শালগছ কটা কাৰ্য

ABOUT THE AUTHOR

...view details