যোৰহাট, ১৩ এপ্ৰিল : ৰাষ্ট্ৰীয় ক্ৰীড়া জগতত জিলিকা এগৰাকী মহিলা । নাম বন্দনা সোণোৱাল । গোলাঘাট আৰু যোৰহাট জিলাৰ সমীপৱৰ্তী সৰু কছাৰী গাঁৱত বাস কৰা বন্দনাৰ আছে এক সুকীয়া পৰিচয় । ভাৰোত্তোলন খেলৰ বাবে 2015 চনত ৰাষ্ট্ৰীয় সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল বন্দনাই । বন্দনাৰ এই পদকৰ বাবে অসমৰ লগতে ভাৰতক বিশ্বৰ ভিতৰত জিলিকাই তুলিছিল । কিন্তু বৰ্তমান সময়ত বন্দনাৰ জীৱনলৈ নামি আহিছে অমানিশা । কিয়নো এটি জটিল ৰোগত আক্ৰান্ত হৈ স্বামীৰ মৃত্যু হোৱাৰ পাছৰে পৰা তিনিটাকৈ সন্তানক পোহ-পাল দিয়াত হাজাৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় বন্দনাই । ইফালে অসম তথা ভাৰতলৈ সুনাম কঢ়িয়াই অনা বন্দনাক অসম চৰকাৰে কোনো ধৰণৰ সুবিধা প্ৰদান নকৰাত ক্ষোভিত হৈ পৰে বন্দনা । বন্দনাই কয়, যদি অসম চৰকাৰে এনে ধৰণৰ খৈলুৱৈসকলক সহায়-সহযোগিতা নকৰে তেন্তে ভৱিষ্যতে নৱ-প্ৰজন্মসকলৰ ক্ৰীড়াৰ প্ৰতি আকৰ্ষণ কমি আহিব ।
ৰাষ্ট্ৰীয় পদক অৰ্জন কৰিও চৰকাৰী সুবিধাৰ পৰা বঞ্চিত বন্দনা - গোলাঘাট
সৰু কছাৰীৰ ভাৰোত্তোলন খেলৰ বাবে সোণৰ পদক অৰ্জন কৰা বন্দনা সোণোৱালৰ জীৱনলৈ নামি আহিছে অমানিশা
ৰাষ্ট্ৰীয় পদক অৰ্জন কৰিও চৰকাৰী সুবিধাৰ বঞ্চিত বন্দনা
আনহাতে, বন্দনাই নিজৰ জীৱনলৈ অহা দুৰ্ভোগবোৰৰ বাবে অসম চৰকাৰক অৱগত কৰিছিল যদিও অসম চৰকাৰে কোনে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰে । ইফালে নিজ স্বামীক হেৰুৱাৰ পাচত তিনি সন্তানৰ দায়িত্বত ব্যস্ত হৈ পৰা বন্দনাই আঁতৰি থাকিবলগীয়া হয় ভাৰ উত্তোলন খেলৰ পৰা । শনিবাৰে ই.টি.ভাৰতৰ সাংবাদিকৰ আগত বন্দনাই নিজ সমস্যাৰ বাবে পুনৰবাৰ অসম চৰকাৰ তথা সৰ্বানন্দ সোণোৱালক অৱগত কৰাৰ কথা উল্লেখ কৰে ।