যোৰহাট, 21 আগষ্টঃ আমাৰ দৈনন্দিন জীৱনৰ কার্যকলাপত এক অভাৱনীয় হাৰত ব্যৱহাৰ কৰি থকা হৈছে প্লাষ্টিক । বিকল্প ব্যৱস্থা আছে যদিও সহজতে কম মূল্যতে উপলব্ধ প্লাষ্টিক ব্যৱহাৰ কৰিবলৈ আমি আগ্ৰহী । এবাৰ ব্যৱহাৰ কৰি পেলাই দিয়া বিধৰ প্লাষ্টিকৰ বটল , বেগ আন সামগ্ৰীৰ ব্যৱহাৰেই বেছি ক্ষতি কৰিছে আমাৰ চৌপাশৰ পৰিৱেশ ৷ পৰিৱেশক প্ৰদূষণৰ পৰা মুক্ত কৰাৰ এক প্ৰয়াস যোৰহাটৰ বালিগাঁও ৰজাহাউলি সোণাৰী গাঁৱৰ যুৱক শ্যমন্ত বৰাৰ ৷
লগতে পঢ়কঃশিক্ষক নিযুক্তিৰ তালিকা প্ৰস্তুতিৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ
মাত্ৰ চাৰি মহীয়া বিশেষ প্ৰশিক্ষণেৰে লক ডাউনৰ সদ ব্যৱহাৰ কৰি শ্যামন্ত বৰাই উৎপাদন কৰি উলিয়াইছে বাঁহৰ বহু সামগ্ৰী ৷ ইয়াৰ ভিতৰত উল্লেখনীয় হৈছে পানীৰ বটল ৷ সততে উপলব্ধ জাতি বাঁহ আৰু গল্ডেন বাঁহৰ পৰা নিৰ্মাণ কৰা হৈছে এই পানীৰ বটলসমূহ ৷ প্লাষ্টীকৰ পানীৰ বটল ব্যৱহাৰেৰে অভ্যস্ত হৈ পৰা জনসাধাৰণৰ বাবে শ্যামন্ত বৰাই সাজি উলায়াইছে বাঁহৰ এই বটলসমূহ ৷ ৩০০ টকাৰ পৰা আৰম্ভ হোৱা এই পানী বটল সমূহে আদৰ পাইছে বহিঃৰাজ্যতো ৷
এখন প্লাষ্টিক বিহীন পৃথিৱীৰ প্ৰচেষ্টাত... সমগ্ৰ বিশ্বত ১০ কোটি টন প্লাষ্টিকজাত সামগ্ৰী বছৰি ব্যৱহাৰ কৰা হয় । Municipal solid waste ৰ ভিতৰত প্লাষ্টিক হ’ল আয়তনত তৃতীয় বৃহৎ সংখ্যক । মোটামুটিকৈ, বিশ্বত বছৰি ১০,০০০ টন প্লাষ্টিকৰ অৱর্জনা সৃষ্টি হয় । ধাৰণা কৰা হৈছে, এই হাৰত প্লাষ্টিক ব্যৱহাৰৰ ফলত ২০৫০ চনত সাগৰ বা জলস্থল মাছতকৈ বেছি প্লাষ্টিকেৰে ভৰি পৰিব । প্লাষ্টিকৰ এই ভয়াৱহতাৰ পৰা পৰিত্ৰাণৰ উদ্দেশ্য এক পদক্ষেপ হাতত লৈছে শ্যমন্ত বৰাই ৷ বজাৰত সহজলভ্য পানীৰ বটল লগত ফেৰ মাৰিবলৈ শ্যমন্ত বৰাই প্ৰাকৃতিক ঔষধৰ দ্বাৰা বটল সমূহ বীজানুমুক্ত কৰে ৷ লগতে সুদীৰ্ঘ সময়ৰ বাবে ব্যৱহাৰৰ উপযোগী কৰিবলৈ বিশেষ প্ৰচেষ্টা গ্ৰহণ কৰিছে যুৱকজনে ।
লগতে পঢ়কঃঅৰুণাচলৰ চাংলাঙত এনএছচিএনৰ কেডাৰ আটক
উল্লেখযোগ্য যে শ্যামন্ত বৰাৰ এই প্ৰচেষ্টাক সঁহাৰি জনায় চৰকাৰী বিভাগ সমূহে সৰু সৰু উদ্যোগ স্থাপন কৰি ৰাজ্যখনৰ বৃহৎ নিবনুৱা সমস্যা সমাধান কৰিব পাৰে । কিন্তু চৰকাৰে বিভিন্ন উদ্যোগ স্থাপন ব্যৱস্থাটো কেৱল বিজ্ঞাপনতেই সীমাৱদ্ধ ৰখা বাবে আজি পৰ্যন্ত নিৱনুৱাসকলক এখন বজাৰ দিবলৈ সক্ষম হোৱা নাই ।